পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২৩৫
ব্ৰহ্মবৈৱৰ্ত্ত পুৰাণ।

নন্দৰ আশ্ৰম কৰিবে লাগিয়া,
 সম্ভাৰ সব অনাইলা।
প্ৰস্থে দীৰ্ঘে দুই দণ্ড সীমা কৰি,
 আশ্ৰমক আৰম্ভিলা॥
মহ বুদ্ধিমন্ত কৰ্ম্মত কুশল,
 বিশ্বকৰ্মা মহাশয়।
সুন্দৰ আশ্ৰম  তথাতে নিৰ্ম্মিলা,
 সবাত কৰি জ্বলয়॥
চাৰি দিশে চাৰি খাই নিৰ্ম্মিলেক,
 বহল আতি শোভিত।
শত্ৰুৱে কণ্টকে লঙ্ঘিবে নপাৰে,
 দেখি লাগে ভয় ভীত।
সেহি আশ্ৰমত পুষ্প সকলৰ,
 উদ্যান কৰিবে লৈলা।
মল্লিকা মালতী জাতি চাৰু চম্পা,
 থানে থানে ৰুই থৈলা॥
সেহি পুষ্পচয় গন্ধবাহ বায়ু,
 চলে তাতে ঘনে ঘনে।
গন্ধে আমোদিত  ভৈলন্ত আশ্ৰম,
 যোগীকো মোহে মদনে॥
তাম্বুল পনস  আম্ৰ যে দাড়িম্ব,
 নাগৰঙ্গ নাৰিকেল।
জামীৰ অমৰা খেজুৰী কদলী,
 কেতকী জাম শ্ৰীফল॥
এহি বৃক্ষ চয়ে ফুলপুষ্প সমে,
 সদা আছে শোভা কৰি।
কোকিল সবেও কুহু কুহু কৰে,
 বৃক্ষৰ উপৰে পৰি॥

১৫৬