পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/১৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৯৮
অসমীয়া সাহিত্যৰ চানেকি।

মধুৰ কমল মুখে মৃদু মৃদু হাস।
সৰোবৰে হংস যেন দশন প্ৰকাশ॥
সূৰ্য্য বিম্ব সম নোহে বদন সমান।
মেঘত লুকায়া থাকে পায়া অপমান॥

শতপত্ৰ কমলেও নুহি সৰি বৰি।
মুদিত স্বভাৱে থাকে অনুমান কৰি॥
দুশাৰী দশন যেন মুকুতাৰ পান্তি।
ডাড়িম্বৰ বীজ গণে দেখি হোৱে ভ্ৰান্তি॥

কুন্দ পুষ্প কলি সবে অপমান পাই।
মালীৰ বাৰিত থাকে পত্ৰত লুকাই॥
বন্দুলী কুসুম সম ৰাতুলি অধৰ।
বিম্বফল গুঞ্জামণি লাজে দূৰতৰ॥

কৰ্ণে শোভা কৰে শুদ্ধ কনক কুন্তল।
ৰত্নে বিভূষিত আতি শোভে গণ্ডস্থল॥
চন্দ্ৰ সূৰ্য্য বহ্নি জিনি কৰি আছে কান্তি।
দেখি কোটি মদনৰ দৰ্প হোৱে ভ্ৰান্তি॥

গৰুড় চঞ্চুৰ অগ্ৰ সম নাসা জ্বলে।
হেন অপৰূপ নাহি নাহি ৰবিতলে॥
উদিত সূৰ্য্যৰ যেন ৰশ্মি আতিশয়।
চাহিবে নপাৰি দিব্য শৰীৰ শোভয়॥

খঞ্জঋত সম নেত্ৰ দেখি লাগে ৰঙ্গ।
লজ্জা হুয়া বন মাঝে পশিলা কুৰঙ্গ॥
ভ্ৰূভঙ্গ ভঙ্গিম দেখি যেন কালসাপ।
কটাক্ষ সন্ধানে জিতে মদনৰ চাপ॥

ললাটে প্ৰকাশে কাম সিন্দুৰৰ ফোট।
শৰতৰ সূৰ্য্য কিম্বা বিদ্যুতিকা গোট॥
কেশে চামৰক জিনি নাহি তাৰ তুল।
কৱৰীত গান্থি আছে মালতীৰ ফুল॥