পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৪৭
শত্ৰুঞ্জয় বা বালিৰ দিগ্বজয়।

তাতে চৰি যাইতে ৰাজা আদেশ কৰিল।
ৰাজাক প্ৰণামি যোগ পথে আৰোহিল॥
নাহি শীত তাপ যাত বাত বৃষ্টি ভয়।
পথৰ দুই পাশে শাৰী শাৰী বৃক্ষ চয়॥

সুগন্ধ শীতল বায়ু সদা সঞ্চৰয়।
সকল ঋতুৰ গুণ ধৰিয়া আছয়॥
কোকিলাদি দিব্য পক্ষী আছে পৰি পৰি।
সুমধুৰ দ্ৰব্য নানা বাক্য আছে ৰড়ি॥

দীৰ্ঘি সৰোবৰ যত আছে ঠাই ঠাই।
কুমুদ উৎপল পদ্ম অধিকে শুহাই॥
ৰাজহংস আদি যত পক্ষী জলচৰ।
মৃণালাদি ভক্ষি নাদ কৰে মনোহৰ॥

মধুমত্ত মধুকৰে সুমধুৰ কৰি।
পক্ষী ৰাৱে গীত গাৱে নাচে অপসৰি॥
স্বামী সঙ্গে ভ্ৰমে তাত দেৱ নাৰীচয়।
নানা বিদ্যাধৰে নানা বিদ্যা বিলাসয়॥

মাঝে মাঝে আছে ৰম্য গৃহচয় তাত।
নানা ৰম্য শয্যা পাৰি আছে অসংখ্যাত॥
কতো উচ্চ কতো নীচ কতোহো ভূমিত।
বিশ্বকৰ্ম্মে নানা ৰত্নে কৰিছে জৰিত॥

ভক্ষ্য ভোজ্য আদি চতুৰ্ব্বিধ অন্নচয়।
শয্যাৰ সমীপে তাক নিযোজি আছয়॥
যেহি বাঞ্ছে তাক পাই তাকে নাহি হানি।
সে পথৰ মহিমা কহিবো কোন প্ৰাণী॥

সেহি পথে মেৰুৰ দক্ষিণ ভৈলা যাই।
হৰি কিম্পুৰুষ দুই বৰ্ষক চৰাই॥
হিমৱন্ত ছাৰি কামপীঠ পাইলা যাই।
পথৰ নামিলা ভৌম নগৰক পাই॥