পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/২৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪৪১
ভৱিষ্য-সংগ্ৰহ

শিষ্য বাক্য হেন শুনি তাৰ গুৰু
 কপটে বাক্য বুলিব।
কাৰ কোন গুৰু  হৈবাক পাৰয়
 কাৰ কোন শিষ্য হৈব॥
ইকথা থাকোক  বাপ চলিয়োক
 বঢ়ায়োক শিষ্যচয়।
গুৰু বাক্য হেন  সিটো শিষ্যে শুনি
 কৰিব শিষ্যে প্ৰচয়॥
শিষ্য কৰি সিটো  আউৰ শিষ্য সমে
 গুৰুৰ সমীপে যাইব।
শিষ্যযে প্ৰশিষ্য  শিষ্য সমে গুৰু
 গুপুতে মেল কৰিব॥
শুনা নৰ নাৰী  মহন্তৰ বাক্য
 মিছা নহে কদাচিত।
পাষণ্ড মৰ্দ্দন  ভবিষ্য সংগ্ৰহ
 শাস্ত্ৰ অতি মনোনীত॥
কলিত যি হৈব  ভবিষ্যত কথা
 মহেশ গৌৰীত কৈলা।
নাৰদৰ মুখে  পৃথিবীত ইটো
 সম্বাদ বেকত ভৈলা।
নমো নমো হৰি  চৰণ পঙ্কজ
 মকৰন্দ লয়লাস।
গুচুৱা কুমতি  অগতিৰ গতি
 প্ৰণামোহো হৃষিকেশ॥
হৃদেশ্বৰে মোক  যেন নিদৰ্শিলা
 সেহিৰূপে প্ৰবৰ্ত্তিলোঁ।
বঢ়াটুটা দোষ  ভৈল যত যত
 হৰিত সবে অৰ্পিলোঁ॥