খান হে হবলৈ আছে। মহাৰাজাক যেতিয়া সেৱা কৰিবলৈ যাও গোহাঞিৰ অৰ্থে চাৰি আখৰ মাতিব পাৰে। পাচে চাৰিঙ্গিয়া ফুকনে গড়গাঞৰ ভাল বতৰা শুনি ফুকনৰ কথাত ভৰসা নকৰি পচে যুগুতি কৰি বোলে চেটিয়া ফুকনক ফুকন ভাঙ্গি সন্দিকৈক ফুকন লৈ ৺দেৱলৈ জনাই গলত আমাৰ কথাকে ৰাখিলে, এতিয়া যে আমাৰ কথাৰে একে নাহে এতিয়াও আমি যুগুতি হৈ পানিফুকনকে ফুকন লৈ জনাই পঠালে, বড়বৰুৱাত সংশয়েবে নুবুলিব নোৱাৰিব, অৱশ্যে বুলিব। এই যুগুতি কৰি সিপাৰৰ দপদবত এঠাই হৈ হিলৈ কাণ্ড ধনু তৈয়াৰ কৰি বড়ফুকনৰ ঠাইলৈ মানুহ পঠাই বুলিলে, বোলে আগে যে নিদান হলে ৰাখিম বুলিছিল, এতিয়া চৰিঙ্গিয়া ফুকনৰ নিদান হৈছে কিৰূপে বাখে ৰাখকহি। আমি যে তোমাক নেড়িছোঁ। আমাক যদি তেয়োঁ এড়ে আমিও এড়িম। এই কথা শুনি ফুকনে বোলে সিবোৰ যি যুগুতি কবি এঠাই হৈছে এই কথাও মই জনা নাই, এইৰূপে ৰক্ষা কৰিম হেনো বোলা নাই। এতিয়াও মোৰ কথা যদি শুনে সিবোৰ ঘৰঘৰি গুচি আহক। চাৰিঙ্গিয়া ফুকনক যে অবশ্যে দেৱে ক্ষমা কৰিব সিবোৰৰ পো নাতি লৈকো ভাত নামাৰিব। এই কথা বুলি গলত পানি গঞাদি সিহঁতক পঠাই দিলে। সিহঁতো গৈ ফুকনে যি বুলিলে সকলো বোৰ কলে। ফুকন বোৰে বোলে ইকথাই কথা নহয়, ফুকনে আপুনি আহি যি বুলিব লগা বোলক হি। নাহে যদি তাকো নিশ্চয় কৈ বুলি পঠাব। পাচে সি স্থলত আহিলত সিহঁতক চৰাতে থৈ পানি গঞা গৈ ফুকনত জনালত, বোলে কথাৰ ধাৰণ লৰা ৰতনপুৰিয়া সিঙ্গৰা দৈয়াল বৰুকৰ পুতেক তাক শুনি নাওবৈচাৰ হাজৰিকা বলিমৰা এই হঁতক দেখো সিবোৰৰ লগত দেখো কাণ্ড ধনুৰে তৈয়াৰ হৈ আছে। ফুকনো বোলে মোৰ লগৰ মানুহ কোন আছে কোন নাই চাবাদ মানুহ দি ঢালে, দুলীয়া লগুৱা মাতৰ হে আছে, আন সকলো গল। ফুকন বোৰৰো যি মানুহ আহিছিল সিহঁতত সুধিছিল বোলে কি বুলিছেক, সিহঁতে বোলে আহে নাহে নিশ্চয় কৈ সুধি আহ গৈ। ফুকনে বোলে মোৰ লগৰ মানুহ আগে সিবোৰে নিলে, এনে বিধাৰণ কথাত মই কেনেকৈ পাচে এইহঁতে গৈ জনালত, ফুকন বোৰে ফুকনৰ মানুহ বাটিলৈ, চাৰিঙ্গিয়া ফুকন পানিফুকনৰ ঘৰতে থাকিল, আন বোৰ ঘৰঘৰি গল। বকতিয়াল হৰিধন পাঞ্চনি ৺দেৱৰ ঠাইৰ পৰা পালেহি। সিপাৰৰ দপদৰত মেল হল। পাচনিয়ে বোলে আন দিন দক্ষিণ পাৰৰ দপদৰত হে মেল হয়। বড় ফুকনৰ নামে লিখা আহিছে। বড় ফুকনো নাই মহাৰাজা ৺দেৱৰ বটা সোণৰ কেৰু কুনমিল কুনুখায়েৰে কাপৰ আহিছে ৺দেৱৰ আজ্ঞা বা কেনেকৈ কম বটা প্ৰসাদ বা
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/৩০০
অৱয়ব