সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/৩১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৭৪
ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ।

বসুদেৱ কৃতস্তব ত্ৰিসন্ধ্যা কালত।
যি পাঠ কৰে ভক্তি লভয় মনত॥
হৰিদাস গুণান্বিত পুত্ৰক লভয়।
সৰ্ব্ব শত্ৰু ভয় শঙ্কটতো নিস্তৰয়॥

ব্ৰহ্মবৈবৰ্ত্তৰ পদ জনম খণ্ডৰ।
বসুদেৱ স্তব নাম ইতো মনোহৰ॥
 
নাৰায়ণ বদতি নাৰদ মুনিবৰ।
বসুদেৱ স্তুতি শুনি জগত ঈশ্বৰ।

প্ৰসন্ন বদন ভক্তে অনুগ্ৰহ কৰি।
দুইহাঙ্কো বুলিলা বাণী আপুনি শ্ৰীহৰি॥
শ্ৰীকৃষ্ণ বদতি দুয়ো শুনিয়ো বচন।
উগ্ৰতপ আচৰিলা পূৰ্ব্বে দুয়োজন॥

সেহি ফলে মোক পুত্ৰ লভিছা সম্প্ৰতি।
বৰ লৱা তযু ভদ্ৰ হৈব মহামতি॥
তপস্বীৰ মাঝে শ্ৰেষ্ঠ পূৰ্ব্বে মহামতি।
সুতপা নামত আছিলাহা প্ৰজাপতি॥

তযু ভাৰ্য্যা আছিলেক পৃষ্টি নামে সতী।
তপ কৰি আৰাধিলা দুয়ো মহামতি॥
তপৰ অন্তত মোক ভৈল দৰিশন।
সেহিকালে বুলিলাহা হেনয় বচন॥

তোমাৰ সমান পুত্ৰ হৈবেক আমাৰ।
এহিবৰ দিয়া বুলি কৰিলাহা সাৰ॥
মোৰ সম পুত্ৰ আন ত্ৰিভুবনে নাই।
পৃষ্টিগৰ্ভ নামে পুত্ৰ ভৈলোহো সি ঠাই॥

দ্বিতীয় জন্মত ভৈলা অদিতি কশ্যপ।
সেহি জন্মে পুত্ৰ ভৈলো বামন স্বৰূপ॥
কশ্যপৰ অংশে জাত তৃতীয় জন্মত।
মোৰ পিতৃ হুয়া জন্ম ধৰিলা সাম্প্ৰত॥