কলিয়াবৰলৈ খেদি আহিছে। একোৰূপে দেহ ৰক্ষা নপৰে হেন দেখি এই খান কৰিছোঁ। দিল্লীৰ পাৎসাও শুনিব আপোনাৰ বন্দীক মাৰিবলৈ আনো ৰাজা খেদি আহিছে। এতেকে আমাক মৰা কটাৰ পৰা তেওৰ একো যশস্যা নাই। আমাৰ পৰা যদি কোনো কথা হয় কাললৈ কথাহে থাকিব! এতিয়াও দেৱতা উজাই যাওক আমাৰো ভয় গুছিলে, ৺দেৱৰ চৰণত পৰিম গৈ, আৰু দুই চাৰি আখৰ প্ৰাৰ্থনা কৰি কলিয়া কটকীক পঠাই দিলে। সিঠাই পালত গৈ পুনৰ্ব্বাৰ বুঢ়া পাচনিকে কলিয়া কটকীকে ৩ গোহাঞিৰ তিনটা বৰ বড়ুৱা ফুকন বোৰৰ একোটা মানুই পঠাই দিলে। সিহঁতে আহি বোলে মহাৰাজা এই খান বুলিছে। তোমালেকে যে সংশয় কৰা, গলে কোনো খান হয় হেন বুলি, আমাক হাত জোবোৰাই আশ্বক্ৰান্তত শপত কৰিব দিছে। আতে ৰাজে বোলে আমাৰ সমলিয়া নাওমানে যি, কলিয়াবৰত ৰাখিলে কি খাই জীম। পাচে চাৰি ফুকনো ঢাকৰিব যাই শিৰি ধন এৰি বুলি চাউল লৈ ৰাজক দিলে। পাচে পানিফুকনে উভয় শঙ্কটত পড়ি হাত জোবোৰাই শপত কৰাই নিৰ্ম্মল ৰাজখোৱা সহিতে উজাই গল। পাচে বড় ফুকন বড়গোহাঞি ফুকন ২ দৈয়ঙ্গিয়া বাজখোৱা আসুল চঙ্গ নেওগ বাইলুং নেওগ পানিফুকনৰ পুতেক আৰু দুই চাৰি হাজৰিকা সহিতে মঙ্গলবাৰে দপদৰত একে ঠাই হৈ ৩ ফুকনক ধৰিবলৈ যুগুতি কৰিলে। এই কথা তিনি ফুকনে শুনি বড় ফুকনকে গধূলা ধৰি চাৰিঙ্গিয়া ফুকনৰ ঘৰতে বন্দী কৰিবলৈ যুগুতি কৰিলে। এই কথা বড় ফুকনে ভুপাই মঙ্গলবাৰলৈ বাট নাচাই দেওবাৰেই সকলোলৈকে জান দি দপদৰত বহি তিনি ফুকনলৈ তিনটা কটকী পঠালে। বলে কলিয়াবৰৰ পৰা চাৰিঙ্গ ৰজায়ে দিহিঙ্গিয়া ফুকনে আহিছে। সন্দিকৈ বড়ফুকনক বড়ফকন পাতিলেহি, তোমালোকক মেললৈ মাতিছে। সিবোৰে বোলে কি মিছা কথা ক। এইবুলি নাম ডঙ্গিয়া ফুকন আহি অশ্বক্ৰান্তত হিলৈ পাতিলেহি। চেঙ্গৰাই ফুকনো লুইতৰ কোখে কোখে হিলৈ পাতিলেহি। চাৰিঙ্গিয়া ফুকন ইটাখুলিত তৈয়াৰ হৈ ৰল। দিখৌমুখিয়া ৰাজখোৱা নড়ায়ে নাৱত উঠি উজাই ভটিয়াই আছিল। পানি ফুকনৰ মানুহে সহিতে পানি দিহিঙ্গিয়া ৰাজখোৱা ঘৰতে তৈয়াৰ হৈ ৰল। পানিশলগুৰিয়া ৰাজখোৱা বড় পুতেক আছিল, বড়ফুকনে মাতি পঠালে নাহিল, ঘৰতে দুৱাৰ বান্ধি আছিল। পাচে বড় ফুকনে বুঢ়া গোহাঞি ফুকনে দপদৰতে থাকিল। ৰাজখোৱা হাজৰিকা গৈ ইটাখুলিত চাৰিঙ্গিয়া ফুকনক বেঢ়ি ধৰিলে গৈ। অলপ খাৰ গুলি মাৰিলত চৰিঙ্গিয়া ফুকনৰ লগৰ মানুহ ভাগিল। চাৰিঙ্গিয়া
ফুকনক ধৰি আনিলে। ফুকনক ধৰিবৰ দেখি নামডঙ্গিয়া ফুকনে চেঙ্গৰাই ফুকনে
১৮৪