ব্ৰাহ্মণ সকলে যাক কৰে সৎকাৰ।
বস্ত্ৰে ৰত্নে অলঙ্কাৰে পূজি বাৰম্বাৰ।
ধৌলিবৰ উৰ্দ্ধে হংস তুলিৰ উপৰে।
মহা সূক্ষ্ম মনে যিতো সবে নিদ্ৰা কৰে॥
নাৰী সবে মধুৰ শবদে গীত গাই।
সুত বন্দী মাগধেসে যাহাক জগাই।
হেন সবে বনে সিংহ ব্যঘ্ৰৰ আতাসে।
অনিদ্ৰে বঞ্চিলা কাল মনত হতাশে॥
পিতৃহীন অনাথ তনয় পাঞ্চ গুটি।
তাসম্বাক স্মৰি মোৰ প্ৰাণ যাই ফুটি।
একে যুধিষ্ঠিৰৰ কহন নযাই গুণ।
শান্ত দান্ত ধৈৰ্য্যশালী ধৰ্ম্মী সকৰুণ॥
নাহি কাম ক্ৰোধ লজ্জাশীল সত্যবাদী।
সাধুৰ পথত স্থিত সুধু অপ্ৰমাদি।
ভৰত দিলিপ শিবি মান্ধাতা যযাতি।
অম্বৰীষ লঙ্গস প্ৰমুখ্যে নৰপতি॥
ত্ৰিভুবনে প্ৰখ্যাত হেনয় ৰাজৰ্ষিৰ।
ভাৰ বহি আছে যিতো ৰাজা যুধিষ্ঠিৰ।
শুদ্ধ সদাচাৰী সৰ্ব্ব গুণৰ আকৰ।
শত্ৰু মিত্ৰ সমান নাহিকে ভিন্নপৰ॥
কুৰুবংশ শিৰোমণি পৰম পণ্ডিত।
প্ৰিয়দৰ্শী দীৰ্ঘ ভুজ সৰ্ব্বলোক হিত।
তপ্ত সুবৰ্ণৰ বৰ্ণ শৰীৰ শোভয়।
হেন যুধিষ্ঠিৰ পুত্ৰ কুশলে আছয়॥
অযুত হস্তীৰ বল বেগে বায়ু সম।
মহাবলী ক্ৰোধত সাক্ষাতে যেন যম॥
ভ্ৰাতৃত বৎসল কীচকৰ অন্তকাৰী।
বক সৰ্প হীৰিম্বাৰ দিলা মহামাৰী॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/২৪৯
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪০৫
মহাভাৰত উদ্যোগ পৰ্ব।