এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অসমীয়া সাহিত্যৰ চানেকি
সুবুধি ৰাই।
মহাভাৰত—অশ্বমেধ পৰ্ব।
সুধন্বা বধ।
পুনু ৰাজা জিজ্ঞাসিলা মুনিৰ আগত।
কহ দেখি পাচতে কি হৈল কেন মত॥
শুনিতে অপুৰ্ব্ব কথা অমৃত ভাষিত।
সাধু বীৰ সুধন্বাৰ বিষ্ণু ভক্তি চিত॥
জৈমিনি বদতি কথা শুনহ ৰাজন।
কৃষ্ণৰ মহিমা কথা নযাই কহন॥
দয়াৰ ঠাকুৰ হৰি সেৱক বৎসল।
অনাথৰ নাথ হৰি কৰুণা কমল॥
তৈল কটাত সুধন্বা আছয় সানন্দিত।
তাদেখিয়া দুই দ্বিজ হৈলযে ত্ৰাসিত॥
দূতক পঠায়া দিলা বাৰ্ত্তা লৈতে সাৰ।
কিবা বোলে কিবা জপে বুজ সাধন্বাৰ।।
দূতে আসি জিজ্ঞাসিলা সুধন্বা আগতে।
মুখ ভৰি কিবা জপ কহ শুনি ততে॥
সুধন্বায়ো বোলে দূত শুন কহে তোকে।
কৃষ্ণ নাম পৰে আমি কি বুলিবো মুখে॥
হৰি সে বান্ধৱ মোৰ হৰিসে সম্পদ।
যাহাৰ প্ৰসাদে এড়াই অঘোৰ আপদ॥
পুনু দূতে কহিলেক মুনিৰ সমীপে।
কহিল সুধন্বা নাম কৃষ্ণ কৃষ্ণ জপে॥