এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪০০
অসমীয়া সাহিত্যৰ চানেকি
কৃষ্ণৰ লগত লৰিলা সমস্ত,
বৃক স্থলে যত নৰ।
কত দূৰ গৈয়া অনুজ্ঞা মাগিয়া,
পুনু গৈলা নিজ ঘৰ॥
হস্তিনা পুৰৰ যত বীৰ বৰ,
ভীষ্ম দ্ৰোণ আদি কৰি।
আগবঢ়াইতে লৰিলা চকিতে,
ৰাজ আজ্ঞা অনুসৰি॥
পিন্ধি অলঙ্কাৰ চলিলা অপাৰ,
নগৰ নিবাসী জন।
বহুবিধ যানে গৈলা কত জনে,
কতোহো ভূমি গমনে॥
গৈয়া কতো দূৰ ভীষ্ম মহাশূৰ,
দ্ৰোণ কৃপ আদি যত।
কৃষ্ণক দেখিলা আগবঢ়াই নিলা
প্ৰবেশিলা নগৰত॥
বালবৃদ্ধ নাৰী চৰিলা ওঁৱাৰি
কৃষ্ণ দেখিবাৰ কাজে।
অম্বিকা নন্দন আৰো দুৰ্য্যেধন,
এই দুই জন বাজে।
সবে পুৰ ছানি ঘোষে জন বাণী
কৃষ্ণ আসিবাৰ কাজে॥
পদূলি পদূলি ৰুইল কদলী
তোৰণ ধ্বজ বিৰাজে।
চন্দনে লিপিত ৰাজ মাৰ্গ যত,
ৰত্নগণ দুই পাশে।
দধি দুৰ্ব্বাক্ষত পূৰ্ণ্ণকুম্ভ যত,
তোৰণ মূলে প্ৰকাশে॥