পাছে হাতকুশ পাঞ্চি ধৰি, গঙ্গাজলে যাই স্নান কৰি,
সঙ্কল্প কৰিয়া উঠিলেক চাই তীৰে।
বিস্ময়ক পায়া দেৱগণে, চাই আছে সবে একমনে,
মৌনব্ৰতে অম্বা চলিলেক ধীৰে ধীৰে॥
ৰামৰ লগত যত ৰণ, কৰিবেক তাক বিবেচন,
সবে কহিলেক ঋষিগণ আগে যাই।
অম্বাৰ বচন আছি শুনি, বুলিলা সমস্তে মনে গুণি,
ভীষ্মৰ নিমিত্তে তেজিয়োক প্ৰাণ আই॥
তাসম্বাক কৰি নমস্কাৰ, ক্ৰোধমন হুইয়া অম্বাৰ,
চলিলাহা যৈত চিতাখান আছে কৰি।
সূৰ্য্য সোম যম হুতাশন, এসম্বাক আদি দেৱগণ,
শুনা সবে বোলোঁ হাতে অগনিক ধৰি॥
ভীষ্ম বধহেতু ত্যজোঁ প্ৰাণ, এহিবুলি অম্বা চিতাখান,
প্ৰদক্ষিণ কৰি ফুৰিলেক সাতবাৰ।
বিমানে চড়িয়া দেৱগণে, পৰম বিস্ময় দেখি মনে,
অদভুত কৰ্ম্ম দেখিয়া সবে অম্বাৰ॥
অনন্তৰে অম্বা অগ্নি জালি, লগাইলা চিতাত ঘৃত ঢালি,
আকাশ ঢাকিয়া উঠিলেক বৈশ্বানৰ।
ত্ৰিদশ দেৱতা আছে চাই, সেই অগনিৰ মধ্যে যাই,
পড়িলেক মোৰ বধহেতু নৰেশ্বৰ॥
হাহাকাৰ কৰে সৰ্ব্বজনে, পাছে মোক বধিবাক মনে,
দ্ৰুপদৰ ঘৰে কন্যা হুয়া জন্মিলেক।
বসি আছা ৰাজা সিংহসনে, অপুত্ৰ ৰাজাৰ ভাৰ্য্যাগণে,
মন্ত্ৰণা কৰিয়া পুত্ৰ বুলি কহিলেক॥
শুনি ৰাজা ৰঙ্গ আতি ভৈলা, হাতে তিলকুশ তুলি লৈলা,
অযুতেক ধেনু ব্ৰাহ্মণক দিলা দান।
গুৰু গোপালৰ চৰণত, ৰৌক মোৰ মন অবিৰত,
বোলা ৰাম ৰাম ভণে বিদ্যাপঞ্চানন॥
১৭৬