ভূষণ কটকীক পঠালে। সৰিয়হ তলিত ভাত খাওঁতে কণ্ঠভূষণে পাই ফিৰাই নিলে। পাচে দুইক নি শিলাত বড়ফুকনে লগ পাই সুধিলে বোলে ভাই নবাবক যি বুলিলে তাক নকৰিলে। দেৱৰ আজ্ঞা নকৰিলে পাৰো নেকি? পাচে শ্যামসিংহে বোলে দেও ভালা নবাবো তৈয়াৰ হৈ আছে। এহিৰূপে কথা বাৰ্ত্তা হৈ ভটিয়াই আহিল। শ্যামসিংহকো নিলে। এহিৰূপে উত্তৰে দক্ষিণে নাৱে কাজলি পালেহি। পাচে আসামৰ লোক সৰহ দেখি কাজলি, পানিখাতি, কুৰুৱা তিন ঠাইৰ থানা এড়ি বঙ্গাল গুৱাহাটী সোমালগৈ। বাহবাড়ী থানাকো তৰুৱা মানুহে মাৰিলে। ঘোড়া বলধি কিছু পালে। সোণাপুৰৰ থানাকো মাৰিলে। বঙ্গালো কিছু পৰিল, ঘোড়াঁ আহিল। কিছু পালে। জয়দুৱাৰৰ লোকো ভাগি গৈ ইটাখুলি সোমাল গৈ। এহিৰূপে থানা সকল মাবি নাৱে তৰে ইটাখুলি চাহবুৰুজত ধৰি গৈ উমানন্দতো বড় হিলৈ পাতিছিলে। দক্ষিণে দিহিঙ্গিয়া বড়বৰুৱা নেওগ ফুকন, চাৰিঙ্গিয়া ফুকন, নাম ডঙ্গিয়া ফুঃ, পুখও ফুঃ, কালৌ ফুকন এই সকল শৰণিয়া পৰ্ব্বতৰ আগত গড় বান্ধি বহিল। পাচে ইটাখুলিৰ পৰা বঙ্গাল ওলাই আহি শৰণিয়াৰ কোঠত ধৰিলে, নোৱাৰি পুনৰ ইটাখুলি সোমালগৈ। জয়ন্তিসিংহে নাৱেও অনেক প্ৰকাৰে যুজিলে, নোৱাৰি নাৱৰ ভিতৰ সোমাল। পাচে চৌভিতি বেঢ়ি ধৰিলে। একো প্ৰকাৰে নাৱৰ পৰা নোলাই, যদি মাধচৰণে গা কৰে তেবে ওলায়। পাচে মাধ- চৰণে কৌপতিয়াই গা কৰিলত, জয়ন্তিসিংহে হাতত ধৰি ওলাই ঢাল তৰোৱাল পেলাই বোলে, দেৱৰ শৰণাগত হলো, ভাই মাধচৰণ আমাক ঈশ্বৰে যেখন বন্দী কৰালে তেখন জানিবি নবাবো বন্দী হৈল। পাচে আমাৰ মানুহে আৱৰি ধৰি আনিলে। উত্তৰ কোলে শলাল বড়গোহাঞি, চেঙ্গলাই ফুঃ, সদিয়াল মৰঙ্গিয়া আনো লোক জন চাহবুৰুজৰ সম্মুখে আছিলে। লোহিত্যৰ উত্তৰকোলে নাৱে চেটিয়া বড়ফুকন দক্ষিণে পানিফুকন। পাচে বঙ্গালে নোৱাৰি যুদ্ধ হাৰি ভাদ্ৰ ১ দিন গতে প্ৰভাতে ইটাখুলিৰ পৰা আনি আকবৰ লোক জন কিছু লগত লৈ নাৱে পাৰ হৈ মঞ্জুৰখাঁৰ ঠাইলৈ গল। তাক যাবৰ দেখি দেৰপৰ বেলা হলত আপোনাৰ গা ৰাখি মঞ্জুৰখাঁ নাৱে পলাই ৰঙ্গামাটি সোমালগৈ। সতমল আলিআকবৰ লগত গল। তাৰ বজা ইন্দ্ৰমণি, দলসিংহ, কবিৰ খাঁ প্ৰমুখ্যে ভাগি গৈল। পাচে চেটিয়া বড়ফুকন গুৱাহাটীতে ৰহিল। বড়বড়ুৱা প্ৰমুখ্যে সকলো নৌৱালোক মানাহ পৰ্য্যন্তে খেদি গৈল। মঞ্জুৰাখাঁক ধৰিব নাপাৰিলে। ঘোড়া মহ গৰু বন্দুক তৰোৱাল জামদাৰ নাও ইত্যাদি বহুত পালে, ধন মাল বিস্তৰ পোৱা গল। শক ১৬০৫।
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/২৯৮
অৱয়ব