পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৫০
অসমীয়া সাহিত্যৰ চানেকি

পাছে ভৌমে সাজ কৰি চতুৰঙ্গ প্ৰজা।
চলি গৈলা যোগ পথে যথা মল্লৰাজা॥
যোগসাই বীৰে পাছে পাতালক যাই।
কহিলা ভোমৰ বাৰ্ত্তা নাগেন্দ্ৰক পাই॥

মিত্ৰত ভকতি মহা ধনঞ্জয় বাই।
যত নাগ প্ৰজা সৰ্প লৈলন্ত কোঞ্চাই॥
আঠ গোটা নাগে সাজাইলন্ত ৰথ খান।
বহলে বিস্তৰে হৈব যোজন প্ৰমাণ॥

সৰ্ব্বাঙ্গে দপন দিলা তিনি ভীতিবাৰ।
নানা বিধ ৰত্নে কৰি আছে জাতিষ্কাৰ॥
ইন্দ্ৰৰ বজ্ৰেয়ো যাক নপাৰে ভেদিতে।
যৈক মন তৈকে সিতে চলয় ত্বৰিতে॥

ক্ষণে দৃশ্য অদৃশ্য প্ৰকাশে নৱ নৱ।
কোনে কহিবেক তাৰ ৰথৰ বিভৱ॥
নানা ৰত্নময় তাত ধ্বজ গোট দিল।
যাত্ৰা কৰি মহাবীৰ প্ৰয়াণ কৰিল॥

আগে পাছে চলি যাই অযুতেক ৰথ।
বিসবৰ্ণি ব্যাপি যাই সেহি সেহি পথ॥
উৰ্দ্ধ গতি কৰি চাৰি বিৰৰ চৰাইল।
মন পবনৰ বেগে যোগ পথ পাইল॥

মানস পুৰক লাগি পথক ধৰিল।
দেখিয়া ত্ৰিদশ দেৱ ভয়ে চমকিল॥
মাসেকৰ পথ যুৰি নাগ সেনা যাই।
যোগ মাৰ্গী সবো দেখি দূৰক পলাই॥

কতো দিনে সুহৃদ ভৌমৰ লগ লৈলা।
দেখিয়া ধৰণী সুত মহাৰঙ্গ ভৈলা॥
কৰি প্ৰিয় সম্ভাষণা মহাৰঙ্গে যাই।
মানস গিৰিক পাইলা ধৰণী কম্পাই॥