পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/২৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৩৩
অগ্নি পুৰাণ।

ইহাক লিখিলি তই মোহোৰ কপালে।
যাকে চাওঁ তাকে পাইলো আসি আছ ভালে॥
ভয় পায়া বিধতা আসিলা মায়া কৰি।
হেন দেখি যমৰাজা মনে গৈলা ডৰি॥

ৰাজাত কহিলা বিধি সকলে বৃত্তান্ত।
মৌন হুয়া ৰৈলা দুঃখে নোলাৱয় মাত॥
চিত্ৰগুপ্ত দুইক পাছে বুলিলা বচন।
পাছে লেখা কৰা আসি চলিও এখন॥

শান্ত কৰি মনুষ্যক পঠাই দিও যাই।
তেবেসে আসিবা দুয়োজন মোৰ ঠাই॥
ৰাজাৰ আদেশে দুয়ো তেখনে চলিলা।
মনুষ্যৰ পাশক তেখনে গৈয়া পাইলা॥

লাসে লাসে গৈয়া দেখা দিলা তেতিক্ষণে।
মনুষ্যক দেখি মাতে মধুৰ বচনে॥
কেনে বহি আছা আত মনুষ্য আটাই।
নিবৰ্ত্তিয়া যায়ো থাকিবাৰ নযুৱাই॥

নিশ্চয়ে কহিলোঁ ধৰা আমাৰ বচন।
সিংহাসন হন্তে নামি চলিয়ো এখন॥
মনুষ্যে বোলয় দেখা দিল ভাল ভৈল।
ঝাপ দিয়া দুইকো ধৰিবাক খেদি গৈল॥

পলাইল তেখনে পিছে দুইকো নেদেখিল।
ফিৰি আসি সিংহাসনে মনুষ্য বসিল॥
মনুষ্যৰ মহিমা কহিলা স্বৰূপত।
শুনিয়া বিস্ময় ভৈলা ৰাজাৰ মনত॥

কতো বেলি থাকি ৰাজা মনে গুণি পাইলা।
কালক সম্বুধি ৰাজা মাতিবে লাগিলা॥
কাল ৰূপে প্ৰভু তুমি অচিন্ত্য শকতি।
তোমাক পাঞ্চিবে নুহি আমাৰ শকতি॥