পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/২৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৯২
অসমীয়া সাহিত্যৰ চানেকি।

হস্তিনাপুৰক যাওঁ দিয়োক বিদায়।
পাছে গুৰু মোক কোপে বুলিলেক চাই॥
অম্বাক নেনস যদি গঙ্গাৰ তনয়।
নেদিবো বিদায় তোক বুলিলোঁ নিশ্চয়॥

নেনিবো অম্বাক বুলি বঞ্চিলোঁ ৰজনী।
ৰাত্ৰি অবসানে দেখা দিলা দিনমণি॥
প্ৰভাতৰ কাৰ্য্য যত কৰি সমাপত।
কৰিলোঁহো যাই নমস্কাৰ চৰণত॥

বুলিলোঁ ৰামক গুৰু শুনা একমনে।
বঞ্চিলোঁ ৰজনী মই তোমাৰ বচনে॥
আমাৰ লগত যুজি কোন ফল পাইবা।
লোকে হাসিবেক আৰু কুযশক পাইবা॥

মই যদি হাৰো গুৰু নকৰোঁহো শোক।
তুমি যদি হাৰা হাসিবেক দেৱলোক॥
হস্তিনাপুৰক যাওঁ বিদায় দিয়োক।
হেন শুনি ৰামে বাক্য বুলিলেক মোক॥

অম্বাক নেনস যদি শুনা দেৱব্ৰত।
আজিয়ে কৰিবো যুদ্ধ তোমাৰ লগত॥
ভীষ্ম নিগদতি শুনা ৰেণুকা তনয়।
আৰ পুনৰপি চাটু নোবোলোঁহো মই॥

তোমাৰ শৰত যদি যাওঁ যমালয়।
নেনিবো অম্বাক ঘৰে বুলিলোঁ নিশ্চয়॥
এহি বুলি খানিতেক আছিলোঁহো চাই।
যুদ্ধক প্ৰৱন্ধে ৰথে চড়িলোঁহো যাই॥

ৰামো চড়িলন্ত যাই ৰথৰ উপৰ।
সিয়ো দিনা যুদ্ধ দুইৰো ভৈলা ভয়ঙ্কৰ॥
দুইহানো যুদ্ধত যেবে সাত দিন গৈলা।
শুনা যুধিষ্ঠিৰ যেবে যেন কথা ভৈলা॥