পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নৰোত্তম দ্বিজ।

ব্ৰহ্মবৈৱৰ্ত্ত পুৰাণ।
(কৃষ্ণ জন্ম খণ্ড)

নাৰায়ণে বোলন্ত শুনিয়ো মুনিবৰ।
কৃষ্ণৰ পৰম ভক্ত তুমি শ্ৰেষ্ঠতৰ॥
গোপী সমে যেন মতে ৰাধা মহাসতী।
কৰিলন্ত গৌৰীব্ৰত শুনিয়ো সম্প্ৰতি॥

এক মাস সীমা কৰি যমুনা তীৰত।
কৰিলেক গৌৰীব্ৰত শুনিয়ো সাম্প্ৰত॥
পূৰ্ব্বৰ স্তবক পঢ়ি নিতে গোপীগণে।
দুৰ্গাক কৰন্ত স্তুতি হৰষিত মনে॥

মাসৰ অন্তত পাছে গোপিনী সকলে।
ব্ৰতক কৰিয়া পাছে সমস্তে বিৰলে॥
যজুৰ্ব্বেদ শাখা উক্ত স্তবক পঢ়িয়া।
কৰিলা দুৰ্গাক স্তুতি প্ৰণাম কৰিয়া॥

ইতো স্তুতি কৰি সীতা সতী পাৰ্ব্বতীক।
সদ্যে লভিলন্ত তেবে শ্ৰীৰাম স্বামীক॥
যিতো স্তুতি কৰিছিলা জানকী দুৰ্গাক।
শুনিয়ো নাৰদ আবে কহো মই তাক॥

জানকী বদতি দুৰ্গা দেবি ভগৱতি।
তোমাৰ চৰণে মই কৰোহোঁ প্ৰণতি॥
সমস্তৰে শক্তিৰূপা তুমিসে ভৱানি।
জগত আধাৰ তুমি জগত জননি॥