পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/১৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩০৪
অসমীয়া সাহিত্যৰ চানেকি

আগ পাছ নগুণিয়া বাধাক নগণি।
মৰিবাক লাগি গৈলোঁ মই কুলক্ষণী॥
বাধা নুশুনিয়া মই আনিলোগ জল।
এতেকে লভিয়া আছোঁ তাৰ প্ৰতিফল॥

শুনা প্ৰাণ সখী মোৰ মনৰ নিদান।
কানুক নপাওঁ যদি ছাৰিৰো পৰাণ॥
অবিতে চিন্তি ভাবি আছো সমুদাই।
অবশ্যে লভিবো তাক দৈবে বাধা নাই॥

যত ৰূপ গুণ মোৰ কানুৰ অধীন।
কানু বিনে জান সবে হীনতো যে হীন॥
আকে জানি কিমতে ৰহিবে দিয়া ঘৰে।
বন্ধুৰ চৰণ নীদেখিয়া প্ৰাণ মৰে॥

হৃদয়ে তুলিয়া ধৰি ৰাতুল চৰণ।
অনুক্ৰমে ৰাখোঁ গৈয়া জীৱন যৌৱন॥
যি জনে দেখিছে তান ৰূপ বিপৰীত।
নয়ন কটাক্ষে কোনে সাম্বৰিবে চিত॥

কুল শীল ৰাখি কোনে ৰৈতে পাৰে ঘৰে।
বাঁশীৰ মধুৰ ধ্বনি উত্ৰাৱল কৰে॥
হেন কি যুবতী আছে নগলে পাৰিব।
বাশীৰ নিশানে বজ্ৰ শিলা নিজৰিব॥

যমুনা উজাই বহে চাদি যাই পাৰ।
কোন কুলবধু চিত্ত কৰিৰে নিবাৰ॥
হেন ৰূপ দেখি কোনে ৰৈবে নিজ ঘৰে।
জাতি কুল মৰ্য্যাদাক ৰাখিবাৰ তৰে॥

নাহিকে অমাৰ চিত্ত যশ কীৰ্ত্তি কাজে।
আগে প্ৰাণ যাই যদি কি কৰিব লাজে॥
চল সখি আনি দিয়া নন্দেৰ তনয়।
তেবেসে পৰাণ ৰহে কহিলো নিশ্চয়॥