পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/২৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪১৩
অসমীয়া সাহিত্যৰ চানেকি

যেন মতে কুশল হৈবেক পাণ্ডৱৰ।
সেহি মতে কুশল কৰিবা গদাধৰ॥
তোমাৰ মনত যাক দেখিবাহা ভাল।
ধৰ্ম্ম অবিৰোধে তাক কৰিবা গোপাল॥

যদুবংশে জন্ম তযু অতুল্য বিক্ৰম।
বুদ্ধি ধৰ্ম্ম তপবল সবাতে উত্তম॥
সত্য ৰূপ ব্ৰহ্ম তুমি জগত আধাৰ।
যেনে বোলা তেনে হৈবো মই জানো সাৰ॥

কুন্তীৰ বচনে তুষ্ট হৈয়া যদুপতি।
প্ৰদক্ষিণ কৰি তাঙ্ক বুলিলা মিনতি॥
অনুমতি লৈয়া গৈল দুৰ্য্যোধন ঘৰ।
পৰম সুন্দৰ গৃহ নাহি পটন্তৰ॥

বিচিত্ৰ আসন সব আছে শাৰী শাৰী।
সাক্ষাতে ইন্দ্ৰৰ গৃহ বুলিবাক পাৰি॥
যেন মেঘ খণ্ড অতি শুক্ল ৰুচিকৰ।
পৰ্বত শৃঙ্গ সম সব উচ্চ তৰ॥

সহস্ৰেক বীৰে বিৰাজিত সভাখান।
তাত কুৰু বীৰগণে বড় শোভামান॥
হেন মন্দিৰত উঠিলন্ত হৃষিকেশ।
তিনি দ্বাৰ অতিক্ৰমি ভৈলন্ত প্ৰবেশ॥

দ্বাৰী গণে নিষেধ কৰিতে নপৰিল।
বিচিত্ৰ আসনে দুৰ্য্যোধনক দেখিল॥
সমীপত শকুনি সৌবল দুঃশাসন।
কৰ্ণকে দেখিলা সমীপতে নাৰায়ণ॥

কৃষ্ণ আসিবাৰ দেখিলন্ত দুৰ্য্যেধন।
মন্ত্ৰী সমে আসন ছড়িলা তেতিক্ষণ॥
গিৰিসিত কৰিয়া উঠিলা ৰাজাচয়।
আগ বাঢ়ি গৈলা সবে পদ কতিপয়॥