এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১৯০
অসমীয়া সাহিত্যৰ চানেকি
মহন্ত সবৰ মুখত শুনিয়া,
আছা নাম মহিমাক।
গুৰু উপদেশ শুনিয়া আছাহা,
কিয় হেলা কৰা তাক॥
মিছা ধন আশে ধৰ্ম্ম কৰি নাশে,
কিনো ভৈলা বিপৰীত।
হৰি নাম ধৰি যাতনা তৰয়,
তাত কেনে নেদা চিত॥
জানিয়া হৰিৰ চৰণ যুগলে,
শৰণ লৈয়ো সত্বৰ।
সাধু সঙ্গে বসি ৰাম নাম বোলা,
পাতেক হৌক অন্তৰ॥
⸻
ছবি।
ব্ৰহ্ম জ্যোতি সনাতন নিৰ্ব্বিকাৰ নিৰঞ্জন,
কাৰণত হৈয়াছে সাকাৰ।
হেনয় জামাতা দেখি শোক মোহ পাসৰিলা,
মেনকাৰ আনন্দ অপাৰ॥
সকল যুৱতী গণে ধন্য ধন্য কৰি আতি,
প্ৰশংসা কৰিলা বাৰম্বাৰ।
দুৰ্গা সম ভাগ্যৱতী কেহো জনী নাহিকয়,
জানা সখি ই তিনি সংসাৰ॥
হেনয় সদৃশ বৰ ৰূপৱন্ত চমৎকাৰ,
নাহি দেখোঁ জ্ঞানৰ গোচৰ।
হেন বুলি কেহোজনী এক দৃষ্টি কৰি চাই,
থাকিলন্ত শিৱ বৰাবৰ॥