এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১৮৬
অসমীয়া সাহিত্যৰ চানেকি
তাতে জল ভৰি কলস থাপিল,
মুখত আমাৰ ডালি।
কলস সমীপে থৈলন্ত সুন্দৰ,
ঘৃতৰ প্ৰদীপ জ্বালি॥
সুগন্ধিত জলে লেপন কৰিলে,
বিবাহৰ থলি খান।
তাহাৰ মধ্যত ভিত্তি বান্ধিলন্ত,
দেখিতে আতি শুৱান॥
তাহাৰ কোণাত কদলী পুতিয়া,
পাট সূত্ৰে নিবন্ধিলা।
আম্ৰৰ পল্লব তাহাতে থাপিয়া,
শোভন আতি কৰিলা॥
অগৰু চন্দনে কুস্তুৰী কুঙ্কুমে,
ৰঞ্জিয়া কলস গণ।
জলে ভৰি পুৰি ভিত্তিৰ কোলাত,
কৰিলা ৰঙ্গে থাপন॥
মালতীৰ মালা আৰো আমডালি,
দিলে কলসৰ মুখে।
আনো দ্ৰব্য যত লাগে বিবাহত,
কৰিলা মনৰ সুখে॥
পাছে দেবগণ সমন্বিতে বিধি,
শিৱক বাহিৰে এৰি।
অভ্যন্তৰে গৈয়া পৰম আনন্দে,
পশিলন্ত দৰাদৰি॥
দেখি হিমালয় সত্বৰে উঠিয়া,
সবাকো নমিলা পৰি।
ৰত্ন সিংহাসন মাথাত কৰিয়া,
আনি দিলা শীঘ্ৰ কৰি॥