এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪৪৮
অসমীয়া সাহিত্যৰ চানেকি
সমাধিতে আসি হৰি বাক্যচয় বুলিলন্ত
শুনিয়ো নৃপতি যমৰায়।
ভকতি পথত মই বিঘিনিক পাতিবোহোঁ
পাতিবোহোণ গণেশ গোঁসাই॥
দুলৰী।
হৰিৰ আদেশে স্বপ্নত গণেশে
যমৰায়ত কহিলন্ত।
পাছে ব্ৰহ্ম নাম যিটো বিপ্ৰে লৱে
তান সঙ্গে চলিলন্ত॥
ব্ৰহ্ম নাম ধৰি বৈষ্ণব বিপ্ৰত
কিছু ছিদ্ৰ নলভিব।
যিটো শূদ্ৰ গুৰু বেদৰ অযোগ্য
তান মনে প্ৰবেশিব॥
মনত প্ৰবেশি শূদ্ৰ সমস্তৰ
কৰিলা মতি চলন।
হৰি ভজনত মিলাইব বিঘিনি
হৈব অধৰ্ম্মত মন॥
সিকাৰণে পাচে সিটো শূদ্ৰ গুৰু
হৰিব পৰৰ নাৰী।
ঈশ্বৰৰ ইচ্ছা যিগোটা হৈবেক
কোনে বাধিবেক পাৰি॥
পাছে শূদ্ৰ গুৰু অপবাদ ভয়ে
তাক দুৰে নিয়া থৈব।
আজিকালি কৰি দশ মাস গৈলে
পুত্ৰ এক উপজিব॥
পাঁচে সিটো শিশু চাৰি পাচ ছয়
বছৰ ভৈলেক যেবে।
পুছিবেক শিশু শুনিয়ো জননী।
পোছো এক কথা আবে॥