পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/২৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪৪৯
ভবিষ্য-সংগ্ৰহ।

আমাসাৰ পিতৃ চিনায়োক মাতৃ
 কোনোবা থানক গৈল।
হেন শুনি পাছে  মাতৃয়ে বোলয়
 তোৰ পিতৃ মৃত্যু ভৈল॥
তোৰ পিতৃ নাই  পিতৃ সঙ্গী আছে
 ত্বৰিতে সঙ্গ লৈয়োক।
সচঙ্গ পাতিয়া  শিষ্যক ভজায়া
 আছন্ত তাতে যায়োক॥
হেন শুনি শিশু  পিতৃৰ সঙ্গীৰ
 সঙ্গক পাইবন্ত যায়।
হীন বুলি সবে  সঙ্গক নেদিব
 তাৰা সবে অবগায়॥
পাছে খুজি শূদ্ৰ  গুৰুৰ পন্থক
 নাপাইবেক সিটো সঙ্গ।
শোকাকুল হুয়া  থাকিবে বালক
 কৰিব মনত খঙ্গ॥
সেহি সময়ত  প্ৰবেশি মনত
 বুলিবেক শিষ্য সবে।
শুনা শিশু বাণী  ভকতিক শুনি
 ধৰিতে পাৰা সত্বৰে॥
পাছে হেন শুনি  অমৃত বচনে
 বালকক সমাধিত।
বুলিব মোহোৰ  মনোৰথ সিদ্ধি
 হৈবেক জানো নিশ্চিত॥
জানিবা পাৰ্ব্বতী  এহিমতে শিষ্যে
 লভিব দেবতা বৰ।
স্বতন্ত্ৰ ভকতি  পন্থত ধৰিব
 কৰিব বেদ বিস্তৰ॥