শ্ৰীকৃষ্ণ জনম খণ্ড পুৰাণতো সাৰ।
মোৰ মন নিমজিলে কবিবে পয়াৰ॥
অল্প মতি হুয়া মোৰ সাস গুৰুতৰ।
তৰিবাক খজো যেন তাপৰ সাগৰ॥
গৰুড়ৰ উড়াও দেখিয়া পক্ষীগণ।
উড়াও কৰিতে যেন কৰয় যতন॥
মোৰো সেহি পটন্তৰ জানা জ্ঞানীচয়।
পাখা অনুৰূপে পক্ষী তথাপি উড়ায়॥
সাধুগণে অল্প গুণ তাহাকো লৱয়।
বহুতো দোষক দেখি নিন্দা নকৰয়॥
ক্ষমাসে উচিত ধৰ্ম্ম হৱে মহন্তৰ।
মোৰ দোষচয় ক্ষমা কৰা নিৰন্তৰ॥
বাল বৃদ্ধ গুৰু সবে অনুমতি দিল।
পয়াৰ কৰিবে মোৰ উদ্যেগ জন্মিল॥
হৃদি স্থিতি হুয়া মোক নন্দৰ নন্দন।
উপদেশ দিয়া হৌক পয়াৰ শোভন॥
যদি নিন্দা কৰে মোক শাস্ত্ৰজ্ঞ সকল।
মোৰ পাপ ক্ষয় হৈব তাতো মহা ফল॥
যেন তেন মতে হৌক কৃষ্ণ গুণ গান।
ইহাকেসে বাঞ্ছা কৰে জানা সাধুজন॥
নিৰ্দোষ কৰিয়া কেনে কৰিবে পয়াৰ।
দোষক নধৰে সাধু গুণ কৰে সাৰ॥
মোৰ বাক্যচয় যদি শুদ্ধ হোৱয়।
কৃষ্ণৰ কথায়ে সবে মিশ্ৰ হুয়াচয়॥
কৃষ্ণৰ জন্মক কহো অতি অদভুত।
শ্ৰৱণ কীৰ্ত্তনে পাপ তাপ পৰে টুট॥
সংসাৰ সাগৰ মাঝে হৰি নামে সেতু।
হেলাৰঙ্গে তৰিবাৰ এয়ে মাথা হেতু॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/৩০৬
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৬২
অসমীয়া সাহিত্যৰ চানেকি।