পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/১৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অসমীয়া সাহিত্যৰ চানেকি

নানা অলঙ্কাৰে শৰীৰ মাৰ্জ্জিয়া
 মাৰুতিক লৈয়া যাই।
সাত খান সিংহ দুৱাৰ এৰায়া
 ।ৰাজাৰ ওচৰ পাই।
শুনা সভাসদ অশ্বমেধ পদ
 নকৰিয়ে মনে হেলা।
পাতক ছাৰোক ৰাম বুলিয়োক
 তৰিবাঁ সংসাৰ মেলা।