হৰিবংশ।
( ৰাধা কৃষ্ণৰ প্ৰথম দৰ্শন )
একদিনা ৰাধা আদি যত গোপীগণ।
জল আনিবেক গৈলা আনন্দিত মন॥
বসি আছে কৃষ্ণ আদি বালক সকল।
সেহি বেলা ৰাধা গৈয়া ভৰি আনে জল॥
ৰাধাৰ যৌবন ৰূপ দেখিয়া সুবেশ।
অন্তৰে কৃষ্ণৰ ভৈলা হৰিষ বিশেষ॥
মায়া কৰি কন্যাগণ অন্তৰাইলা পাছে।
কৃষ্ণকে এৰিলা গোপগণে ৰাধা কাছে॥
অল্প অল্প হাস্য কৰি বোলে নাৰায়ণ।
শুন সুবদনী ৰাধা আমাৰ বচন॥
তামাত নুপুছি তুমি নিয়া কেনে জল।
কাৰ পুত্ৰী কাৰ ভাৰ্য্যা কহিয়ো সকল॥
কোন খানে থাকা তুমি ফুৰা কাৰ ঘৰ।
তোৰ ৰূপ দেখি মোৰ দহে কলেবৰ॥
আলিঙ্গন দিয়া মোৰ ৰক্ষা কৰা প্ৰাণ।
তযু সম সুন্দৰী নাহিকে একো থান॥
বিধাতা মিলাইল আনি মোৰ কৰ্ম্ম ফলে।
তোমাৰ সমান নাৰী নাহি ৰবিতলে॥
দেখি তোৰ বদন কমল মনোহৰ।
আকাশত থাকি তপ কৰে শশধৰ॥
পুনু পুনু জন্ম ধৰো বোলে বাৰম্বাৰ।
কোন মতে সম হও বদন ৰাধাৰ॥
সম হুইবে নপাৰিয়া পাছে চন্দ্ৰে লাজে।
লুক দিয়া থাকে গৈয়া মেঘগণ মাঝে॥