সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/৩০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪৫৮
অসমীয়া সাহিত্যৰ চানেকি

 পাচে মহাৰাজাও জানিলে সিহঁতৰ চিত্ত শুদ্ধ নহয়। এতেকে মহাৰাজা আপুনি শকত ৰবলৈ যত্ন কৰি ৰহিল। পাচে এই কথা ফুকন বোৰে শুনি চিত্তত থাৰি দিব নোৱাৰি যুগুতি কৰি চাৰিঙ্গিয়া ফুকনৰ লগলৈ হাজৰিকাবোৰক পঠালে। সিহঁতেও আহি ইটাখুলি সোমাই চাৰিঙ্গিয়া ফুকনে গড় দি তৈয়াৰ হৈ ৰল। সিপাবৰ দপদবতো সবে একে ঠাই হৈ সাৱধান হল। এই কথা শুনি বড়ফুকন বুঢ়া গোহাঞি ফুকন ওপৰ দৈয়ঙ্গিয়া নাম দৈয়ঙ্গিয়া এই বোৰ বড়ফুকনৰ ঘৰত তৈয়াৰ হৈ ৰল৷ পাচে বড় ফুকনক তৈয়াৰ হৈ ৰবব দেখি সিবোৰেও মিছা এখান কাকত কৰি সবাকে শুনালে দপদৰত। এই লেখিছিল, গড়গাঞত সৰাই ঘটিয়াৰো একে কথা হল। আমি গড়গাঞত ধৰিম। সবাইঘাটতো বড় ফুকনক ধৰিব। সৰাইঘটিয়ায়ে চাৰিঙ্গিয়া ফুকনে বোলে আমাৰ কথায়ে ৰয় নেকি? এইখান কৰিছোঁ তাৰে মোৰে একে কথাৰে পৰা কৰা গৈছে। পাচে বড় ফুকনে শুনি বোলে মহাৰজাক ৰাখিবৰ নিমিতেহে যত্ন পুৰুষাৰ্থ। ৰাজাকো যে ৰাখিব নোৱাৰিলো মোৰ অৰ্থে কি যত্ন লাগে। এই বুলি চাবি ফুকনে মানুহ পাঠালত, সকলো মানুহ এড়ি দি ঘৰ সোমাই থাকিল। পাচে বড় ফুকনৰ মানুহসবো বাটি ললে। বড় ফুকনক বলিমৰাক ৰখীয়া দি থলে। পাচে ৺দেৱে ভটিয়াই আহি চামধৰা গড় ললেহি। গড় আওতাই বালিগড় বান্ধি হিলৈ পাতি তৈয়াৰ হৈ ৰহিল। পাচে ৺দেৱে কলিয়া কটকীক পঠাই বুলিলে চাৰিঙ্গিয়া ফুকনক ভাঙ্গি খনিকৰ বড় বৰুৱাক ফুকন পাতি বুঢ়াগোহাঞি ফুকনৰ সলনি ডেকা ফুকনক পাতিব আৰু মহাৰাজা বুলিছে সিহঁত মাত্ৰ আহক মই একো নকৰো৷ আৰু বড় ফুকন আনো ফা ফুকন কোন কোনেকৈ আছে শীঘ্ৰে জানি আহগৈ। আৰু বুলিছে তোমালোকৰ সবাৰে ভাই পোৱে বোলে এশ ছকুৰি লোকৰ পৰিয়াল আমি এখেত আছোঁ, একোটা মানুহহে তত আছে। সিহঁতে যদি আমাক এড়িলে আমিও সিহঁতক এড়িলোঁ। একোটাৰ লগত আমিসবো মৰিব পাৰো নেকি। এইৰূপে কটকীয়ে বুলিলত, চাৰি ফুকনে বোলে উজনিৰ কথা কটকীৰ মুখত শুনিলোঁ। ভাটি দিকৰ কথা, কাজল পদ্মপাণিক পাচে দুয়ে কলে বোলে ডাঙ্গধৰাৰ পুতেকে দোৰোগাৱে কৈছে বোলে সকলো লোক তৈয়াৰ আছে। যেখন ফুকনবোৰে জনাই তেখন আমি যাম। পাচে কলিয়া কটকীয়ে পানি ফুকনক বুলিলে বোলে কি মিছা কথা কব দিয়া। ককায়েৰ বড় বৰুৱা জীয়েব বড়কুঞৰী আৰু নো কি হব খোজাঁ৷ পাচে চাৰি ফুকনে বোলে আমি নগা লৰাৰ বন্দী নহও ৺দেৱৰ হে বন্দী। আমি দেখোঁ একো অপৰাধ কৰা নাই, বড় ফুকনেৰে বোলাবুলি কৰিছোঁ৷ দেৱতা দেখো আমাক কাটিব মাৰিবলৈ