পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/৩২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৭৭
ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ।

আমাসাৰ বধিলাহা তুমি পুত্ৰ ছয়।
কৃপাকৰি কৰি কন্যা খানি দিয়া মহাশয়॥
তোমাৰ বধৰ হেতু অষ্টম তনয়।
উপজিল কন্যা আত নাহিকে সংশয়॥

কন্যাক বধিয়া ৰাজা তুমি পৃথিবীত।
কোননো ঐশ্বৰ্য্য সাধিবাহা মনোনিত॥
কোটি সিংহ সম বলী তুমি পৃথিবীত।
তোমাক বধিবে কন্যা সংগ্ৰাম ভূমিত॥

হেন অদভুত কথা পতিয়াব কোনে।
কন্যা খানি দিয়া শোক গুচাও আপোনে॥
ঘাতুক কংসক বুলি হেন প্ৰয়োজন।
কংসৰ আগত শোকে কৰন্ত ক্ৰন্দন॥

দুইহানো বচন শুনি কোপে কংসৰাই।
দুইহাঙ্কো বুলিলা বাণী অধম কম্পাই॥
কংস নিগদতি অৰে শুন দুই জন।
বিধাতা দৈবৰ গতি বুজিব কেমন॥

বিধাতাৰ গতি কোনে বুজিব পাৰয়।
তৃণেয়ে পৰ্ব্বত বিদাৰিবে শক্তি হয়॥
কীটে সিংহ শাৰ্দ্দুলক সংহাৰ কৰয়।
শশকে গজক সংহাৰিবে শক্তি হয়॥

শিশুৱে বৃদ্ধক সংহৰিবে শক্তি হয়।
ক্ষুদ্ৰ জন্তু মহত জন্তুক সংহৰয়॥
মূষিকে মাৰ্জ্জাৰ বধে মণ্ডুকে সৰ্পক।
জন্যে জনকক বধে ভক্ষে ভক্ষকক॥

শুকান তৃণেয়ে বহ্নি নষ্টক কৰয়।
বহ্নিয়ো জলক নষ্ট কৰয় তেনয়॥
এক দ্বিজ অগস্তিয়ে সপত সাগৰ।
জন্তু সমে পান কৰিলেক মুনিবৰ॥