এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১৮৪
অসমীয়া সাহিত্যৰ চানেকি
শৈলে শীঘ্ৰে আতি লিখি সমাপাত্ৰ,
দূতগণ পাচিলন্ত।
যত দেৱগণ কিন্নৰ চাৰণ,
বিবাহক আসিবন্ত॥
তাত পাছে সুশি— ক্ষিত দুত আনি,
গিৰি ৰাজ হিমালয়।
শিৱক লাগিয়া লিখিয়া পত্ৰক,
পাঞ্চি দিলা দূতচয়॥
অনেক প্ৰকাৰ কৰিলা সম্ভাৰ,
অনাইলা বাদ্য বিস্তৰ।
তণ্ডুল দমাইলা পৰ্ব্বত সমানে,
ঘৃত পাক পিষ্টকৰ॥
তৈলৰ ঘৃতৰ দধিৰ বিস্তৰ,
সৰোবৰ কৰিলন্ত।
গুড়ৰ ক্ষীৰৰ জানিবা ৰাধিকা,
সৰোবৰ নিৰ্ম্মিলন্ত॥
মাস আখৈ লাড়ু চিৰা ষৱ গুঞ্জি,
শৰ্কৰা ফেনি বিস্তৰ।
কদলি লৱণ মন্দা মনোহৰ,
কৰাইলন্ত বহুতৰ॥
বিচিত্ৰ বচন অগ্নিত শোধন,
অধিক নিৰ্ম্মল হয়।
সুবৰ্ণ ৰজত প্ৰবাল বাখৰ,
আৰু মণিৰল চয়॥
বিবাহৰ কাজে পৰ্ব্বতৰ ৰাজে,
ইসব দ্ৰব্য কৰিলা।
বিধিৰ নিয়মে মাঙ্গল্য আচাৰে,
কৰিব আৰম্ভিলা॥