শুনিয়োক প্ৰলম্ভযে নৰক লক্ষণ।
বিশাল বহল গৰ্ত্ত শতেক যোজন॥
আছে তাত বজ্ৰদংশ কীট অসংখ্যাত।
ৰজস্বলা নাৰীৰ ৰুধিব জল তাত॥
হেনয় বিকৃত তাত নবক অপাৰ।
লম্পটা ভকতগণে ভুঞ্জিব নিকাৰ॥
পাতকৰ ফল ভুঞ্জে নিৰ্ম্মাণ বিধতাৰ।
এৰাইতে নাপাৰে জানিবাহা সাৰেসাৰ॥
এই বুলি মৌন ভৈল প্ৰভু কৃপাময়।
দেীৰ মনত আসি মিলিল সংশয়॥
পাৰ্ব্বতী বোলয় প্ৰভু মহেশ গোঁসাই।
নিয়ম সংযম হৰি ভকতিত নাই॥
তযু মুখপদ্ম হন্তে ভৈলেক বেকত।
পূৰ্ব্বে শুনি আছোঁ এই অৰ্থ সাৰোগত॥
হৰি ভকতিৰ কেনে বিষম স্বভাৱ।
ভকতি কৰন্তে কেনে নৰকত ঠাৱ॥
পৰিহাস ভাৱে লয়ে নাম মাধৱৰ।
হেলা কৰি লৱে নাম যদি কোন নৰ॥
যদি নাম লয়ে জল গাছৰ প্ৰমাণ।
তথাপিতো হৰে পাপ নামৰ কীৰ্ত্তন॥
আৰু শুনি আছোঁ হেন নামৰ আভাস।
মূক্ত হুয়া ছলে সিটে। মাধৱৰ পাশ॥
কলিত নামেসে ৰতি নামে মাত্ৰ মতি।
গোপনীয় অৰ্থ কহি আছাঁ প্ৰতি প্ৰতি॥
অঙ্কিল সম্বলা আৰু লম্পটা ভকতি।
ভক্তি মাতৃ পাতি হৰিতেসে কৰে ৰতি॥
হৰিৰ চেষ্টাক কৰে হৰিৰ ভাৱন।
কি কাৰণে তাৰ হয়ে নৰকত থান॥