সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/২৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪৩১
অগ্নিপুৰাণ।

কৃষ্ণ ভকতৰ, মহিমা দেখিয়ো,
 যমৰ দেখা বিপত্তি।
শুনা সভাসদ, হুয়া নিশবদ,
 কৃষ্ণত কৰা ভকতি॥
ভাৰ্য্যা পুত্ৰ ধন, সবে অকাৰণ,
 ঐশ্বৰ্য্য সমে বিভূতি।
হৰি বিনে দেৱ, গতি নাহি কেৱ,
 ভজা কৃষ্ণ যদুপতি॥৭০
আমি অল্প জন, কি মতে বুজিবো,
 শ্লোকৰ অৰ্থ গ্ৰহণ।
তথাপিতো গুৰু- পদ শিৰে ধৰি,
 হৰি পাৱে দিয়া মন॥
পৰলোক বিত্ত, মাধৱৰ নাম,
 জানি এড়া আন কাম।
মধু নাৰায়ণে, কহে সৰ্ব্বক্ষণে,
 ডাকি বোলা ৰাম ৰাম॥

পদ।

ভুজঙ্গৰ কথা শুনি মনে দুঃখ পাই।
মনুষ্যে খেদিয়া জানো আসে এহি ঠাই॥
সবাকে সম্বুধি ৰাজা কৰিলা মন্ত্ৰণা।
তাকো বোধ দিবে লাগি পাঞ্চা একজনা॥

চিত্ৰগুপ্ত দুয়ো বোলে ৰাজাৰ আগত।
মনুষ্যক বোধ দিবে হোৱয় যুগুত॥
উপায় মন্ত্ৰণা কৰি তাক নপঠাইলে।
মাৰিবে সবাকো সিটো নথাকিবে ভালে॥