মূৰ্চ্ছা যাই সুন্দৰী আছন্ত কতো বেলি।
সেৱকিনীগণে বোলে প্ৰাণ গৈল ঢলি॥
চেতন লভিয়া সতী বসিল মাটিত।
আথাকে ধাকুৰে হিয়া নধৰয় চিত্ত॥
প্ৰভাৱতী কুমাৰী ঘৰতে বসি আছে।
মৰিযাওঁ বুলি তাই আসিলেক পাছে॥
আনিয়া লৈলন্ত পাছে সুত আমলখি।
উত্তম সিন্দুৰ আনি পিন্ধিলন্ত শিখি॥
শাশুক প্ৰণাম কৰিলন্ত বৰনাৰী।
মোহোৰ দোষত থাকি স্বামী যাই মৰি॥
মই কুলক্ষণী নাৰী নুগুণিলো মনে।
কতেক বুলিলে প্ৰভু নৈৰাশ বচনে॥
শাস্ত্ৰৰ সন্মতে দিয়া আছে ঋতুদান।
কোন বিধি চলিয়া যমক দিলা দান॥
শাশুৱে মেলানি দিয়া যাওঁ সয়ন্তৰি।
প্ৰভুৰ লগতে কটাহতে যাওঁ মৰি॥
অনাচাৰী কুলক্ষণী মনে নুগুণিলোঁ।
যুদ্ধক যাহন্তে মই বিঘিনি পাতিলোঁ॥
এহি বুলি বৰ্ণায়া কান্দন্ত বৰ নাৰী।
আকুল হৃদয় দেহা সহিতে নাপাৰি॥
শৰীৰৰ খসাইলা বত্ৰিশ অলঙ্কাৰ।
শিলাত আস্ফালি শঙ্খ ভাঙ্গিল হাতৰ॥
শিশুকালে বোলে বাপে প্ৰভাৱতী আই।
বিধৱা লক্ষণ তোৰ কিঞ্চিতেকো নাই॥
মুখ পোড়া গণকে মিছাতে খাইলে বঁটা।
যতন সুধিত কিছু নাহিকয় আটা॥
নৱ বয়সতে অনাইলোহো খিলিঙ্কাৰ।
অমৃতত বিষ যেন জানিবা আহাৰ॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/২১৬
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৭২
অসমীয়া সাহিত্যৰ চানেকি