পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৫৫
শত্ৰুঞ্জয় বা বালিৰ দিগ্বিজয়।

দেখা আৰ নাৰীগণে কান্দে বিয়াকুলি।
স্বামীৰ বিপত্তি দেখি মৰে হিয়া পুলি॥
মাতি বোলয় তুমি ধন্য কপিবৰ।
সম দৃষ্টি নাহি দেখি তোমাত অপৰ॥

তুমি পিতৃ পিতামহ তিনি পুৰুষৰ।
খণ্ডি ৰাজ্য ভাৰ ইতো ভুঞ্জে একেশ্বৰ॥
বন্ধু মিত্ৰ দেশ ছাৰি দুঃখক ভুঞ্জিলা।
তথাপি সিসব দোষ আৰ নগৰ্ণিলা॥

শত্ৰুত মিত্ৰত সমদৃষ্টি ভৈল যাৰ।
সি জনৰ মুকুতি পদত অধিকাৰ॥
নৃপতি পদত যোগ্য নুহি জানা সাৰ।
কালৰ বেগত যিতো হোৱে ছাৰখাৰ॥

হেনয় তোমাৰ বাক্য কৰিতে উচিত।
যদি জানা এহি দণ্ডে শুদ্ধ ভৈল চিত॥
এহি বুলি মাৰুতিয়ে বন্ধন মুচিলা।
অল্প কৰি দিবিধেও বুলিবে লাগিলা॥

শুনা শুনা দূত মই কহিবো নিশ্চয়।
আমাত তোমাত কিছু দোষ নাহি কয়॥
পূৰ্ব্বৰ অৰ্জ্জিত ফল লাগয় ভুঞ্জিতে।
তাক এৰাইবাক লাগি নপাৰে কশ্চিতে॥

ৰাজ আজ্ঞা ছাৰিতে মোহোৰ মন নাই।
তথাপি প্ৰমাদ দিলে দুষ্ট দৈবে পাই॥
যেহি ইচ্ছা তোমাৰ কৰিতে লাগে তাক।
দুৰ্দ্দশা এৰাইতে বাধা কৰিবোহো কাক॥

দুৰ্গুণে সুগুণ যাৰ বিধাতা প্ৰসন্ন।
যাৰ বক্ৰ বিধি তাৰ গুৰু অকাৰণ॥
এতেকে ইহাত মোৰ নাহি কিছু খেদ।
ৰাজ সম্পত্তিতো মই ভৈলাহো নিবেদ॥