বাহুবলে অৰ্জ্জুনক জিনিয়া ৰণয়।
যশ কীৰ্ত্তি স্থিৰ কৰা পাছে পুণ্যচয়।।
হংসধ্বজ সম্বোধিয়া বুলিলা ব্ৰাহ্মণ।
কুলৰ প্ৰদীপ তোৰ পুত্ৰ সনাতন॥
মন্ত্ৰ জপ কৃষ্ণ নাম দৃঢ় কৰি মনে।
তৈল কটা উদ্ধাৰিল আপুনাৰ গুণে॥
তেবে ৰাজা পুত্ৰক আনিয়া কৌতুহলে।
আলিঙ্গন দিয়া পুত্ৰ প্ৰিয় বাক্য বোলে।।
নয়নে আনন্দ মোৰ পুণ্যৰ উদয়।
তুমি পুত্ৰৰ পিতৃ আমি নাহিকা সংশয়॥
ক্ৰুদ্ধ হৈয়া তোমা পুত্ৰ পেলাইলো তৈলে।
কেশৱ প্ৰসাদে পুত্ৰ ৰাখিল অনলে॥
ধৰ্ম্ম লঙ্ঘ নাহৈলেক সত্য হোৱে ভ্ৰষ্ট।
সত্য হীন হৈল যদি অৱশ্যে হৈল নষ্ট॥
তৈল কটা পেলাইলো তোমা নিষ্ঠ হৈয়া চিত্তে।
অব্যাহতে পাইলা তুমি আপনাৰ সত্যে॥
এত শুনি দুঃখ হৃদয়ত নাধৰিয়ে তাপ।
ৰথ আৰোহণ কৰি যুদ্ধে চল বাপ॥
ধনঞ্জয় আসি আছে গোবিন্দৰ সখা।
শুভক্ষণে কৰ গৈয়া তান সনে দেখা॥
এহি যুদ্ধে বৰ লক্ষ কহে শুনে তাকে।
কৃষ্ণ মুখ দেখি কৰ জন্মৰ সাৰ্থকে॥
এহি বুলি নৃপতি ঢোলত দিল বাৰি।
ধৰিল তুকঙ্গ গৈয়া সৰ্ব্ব সৈন্যে বেঢ়ি॥
ঘোড়া উপেক্ষণ কৰি আপানাৰ স্থানে।
দীপ ধুপ দিয়া ঘোড়া পূজিলা বিধানে॥
পুনৰপি চলিলেক সংগ্ৰামৰ তৰ।
যথাতে আছয় বীৰ পাৰ্থ ধনুৰ্ধৰ॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/১৮৫
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অসমীয়া সাহিত্যৰ চানেকি