এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৮২
অসমীয়া সাহিত্যৰ চানেকি।
আত অনন্তৰে শুনা সাধু নৰ
শঙ্কৰ মাধৱ দুই।
চলন্তে পথত কৃষ্ণ লীলা যত
সুমৰি আনন্দ হুই॥
প্ৰেমৰ ভৰত সমস্তে লোকত
কৃষ্ণৰ চৰিত্ৰ কই।
চলন্ত শঙ্কৰ পাইল অনন্তৰ
কবিৰাৰ থান গই॥
স্ত্ৰী এক দেখিল তাহান্তে পুছিল
কবিৰাৰ কোন আছে।
তাসম্বাৰ বাণী শুনি অনুমানি
তায়ো বুলিলেক পাছে॥
আৰা সব বিষ্ণু ভকত এতেকে
কবিৰাক পুছিলন্ত।
কবিৰৰ ঝীৰ নাতিনী আমিতো
এহি বুলি কহিলন্ত॥
তোৰা সব কোন দেশী কি কাৰণে
কোন আছে কবিৰৰ।
বুলিয়া পুছিলা তাৰায়ো কহিল
পুছিলোহোঁ দেখিবাৰ।
তাঞো বিচক্ষণ তাৰাৰ বচন
মহা মৃদুতৰ শুনি।
আৰা সব মহা বৈষ্ণৱ বুলিয়া
জানিলো মনত গুণি॥
স্বামীৰ শিৰৰ পাগ গাছ আনি
মাটিত পাৰিয়া দিল।
ইহাতে চৰণ মুছিয়োক সবে
কৰুণ্য কৰি বুলিল॥