পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/৩২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ।

এহিৰূপে কৈলোঁ জন্ম আখ্যান কৃষ্ণৰ।
জন্ম মৃত্যু জৰা ব্যাধি গুচে নিৰন্তৰ॥
সুখকো পুণ্যকো সাধে শ্ৰৱণে যাহাৰ।
কৃষ্ণৰ চৰণে হোৱে ভকতি সুসাৰ॥

ব্ৰহ্মবৈবৰ্ত্তৰ পদ মহাপুৰাণৰ।
শ্ৰীকৃষ্ণৰ জন্ম খণ্ড অতি মনোহৰ॥
সপ্তম অধ্যায় নাৰায়ণ মুনিবৰ।
নাৰদৰ আগে কহিলন্ত ৰুচিকৰ॥

শুনা সভাসদ পদ অমৃত কৰ্ণৰ।
ৰাধা কৃষ্ণ নাম মুখে লৈয়ো নিৰন্তৰ॥

ইতি শ্ৰীকৃষ্ণ জন্ম খণ্ডে শ্ৰীকৃষ্ণ জন্ম ৰহস্য নাম সপ্তম অধ্যায় সমাপ্তঃ।