পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/১৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বিদ্যাচন্দ্ৰ কবিশেখৰ আগমাচাৰ্য্য।

⸺০⸺

আত্ম পৰিচয়।

সৰ্ব্বদেশে ৰাজা ভৈলা সেহি দিন ধৰি।
ইন্দ্ৰৰ প্ৰভাৱে পাইলা দেশ দেশান্তৰি॥
সেহি বংশে ৰাজেশ্বৰ সিংহ নৰপতি।
শান্ত দান্ত শিষ্ট মিষ্ট আতি শুদ্ধ মতি॥

প্ৰতাপ প্ৰকাশ কীৰ্ত্তি নীতি আতিশয়।
দানী মানী মহাজ্ঞানী সদয় হৃদয়॥
তাহান তনয় চাৰুসিংহ মহামতি।
গুণীগণ মধ্যে শ্ৰেষ্ঠ বিপুল শকতি॥

পিতৃ মাতৃ গুৰু ইস্ট দেৱতা ভকত।
আপুনি চতুৰ সৰ্ব্ব শাস্ত্ৰৰ অৰ্থত॥
তান পত্নী প্ৰেমদা নামত মনোনীতা।
সৰ্ব্ব গুণৱতী যেন দ্ৰুপদ দুহিতা॥

স্বামী চৰণত ভক্তি কৰে সৰ্ব্বক্ষণ।
সপত্নী গণৰ মধ্যে ৰোহিনী যেহেন॥
তাসম্বাৰ আজ্ঞা মুক্তা মালা শিৰে ধৰি।
শ্ৰীকবি শেখৰ ভট্টাচাৰ্য্য দ্বিজ হৰি॥

ভাষা বন্ধে নিবন্ধিত হৰিবংশ পদ।
শুনা নিঃশবদে শুদ্ধ বুদ্ধ সভাসদ॥
সামান্যৰ কৃত্য বুলি নধৰিবা দোষ।
হৰি কথামৃতে কৰা চিত্তক সন্তোষ॥