সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/২২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩৮৫
মহাভাৰত—ভীষ্ম পৰ্ব্ব।

ভাৰতৰ পদ ইটো অমৃত সমান।
সি সি শুনে যিটো কৰিয়াছে বহুদান॥
দুঃখিত কৃপণ যিটো লোকক বঞ্চক।
নপাৰে শুনিতে ইটো মহা ৰহস্যক॥

পৰম বিষয় লোক জৰ আতিশয়।
স্বাদকো নপাই কৃষ্ণ কথা নুশুনয়॥
সি সবো শুনুক দেখি পৰম সুন্দৰ।
এহি প্ৰয়োজনে পদ কৰে কবি নৰ॥

চন্দ্ৰ বাণ ঘোটকৰ পিঠিত গগণ।
কৃষ্ণ পক্ষ চতুৰ্দ্দশী মাস যে শ্ৰাৱণ॥
অশ্বিনী নক্ষত্ৰ সমাপতি ভৈল পদ।
বোলাঁ ৰাম ৰাম সবে খণ্ডোক আপদ॥


মহাভাৰত—ভীষ্ম পৰ্ব্ব।

ভীষ্ম বোলে কৰি সেৱ, শুনিয়োক গুৰুদেৱ,
 কহোঁ মই তোমাৰ চৰণে।
অকাৰণে কৰা ৰোষ, মৰষিয়ো মোৰ দোষ,
 কোপ এৰাঁ অম্বাৰ কাৰণে॥
ইমত মহিমা যাৰ, কোন জন আগে তাৰ,
 ধনু ধৰি কৰিব সমৰে।
অদভুত কৰ্ম্ম দেখি, ভ্ৰম ভৈল দুয়ো আখি,
 চায়াছিলোঁ ৰথৰ ওপৰে॥
খণ্ডিবাক ভূমি ভাৰ, ধৰি আছা অৱতাৰ,
 তুমি প্ৰভু ৰেণুকাৰ ঘৰে।
হাতত পৰশু ধৰি, তিনি সাত বাৰ কৰি,
 ক্ষেত্ৰিয়ক বধিলা সমৰে॥