এহিমান শাস্তি কৰে কিছু নাহি দোষ।
এহিবুলি প্ৰজাগণে কৰে উসমিস॥
ঘৰে পৰে কান্দয় আকুল নাৰীগণ।
বোলে সুধন্বাক শাস্তি কৰে অকাৰণ॥
পাত্ৰ মন্ত্ৰী সকলে ৰাজাক নুবুজাৱে।
কোমল শৰীৰ বাপু কত দুখ পাৱে॥
অন্যে অন্যে কথা কৱে কুমৰক চাই।
তপত তৈলত পৰি ভুৰুভঙ্গ নাই॥
হংস যেন জ্বলয় মানস সৰোবৰে।
বিকশিত পুষ্প যেন ফুলি শোভা কৰে॥
এদিনাতে কৰি জলে সুধন্বাৰ মুখ।
সাতুৰি ফুৰয় কিঞ্চিতেকো নাই দুখ॥
অন্যে অন্যে হাহাকাৰ কৰে সৰ্ব্বজন।
আৰাৱ তুমুল কৰি কান্দে নাৰীগণ॥
সবে নাৰীগণ আসি ভৈলা এক ঠাই।
বোলে আশীৰ্ব্বাদ কৰো কুমৰক চাই॥
আমি যেবে পতিব্ৰতা হওঁ সবে সতী।
আত্মস্বামী বিনে নাজানোহো আন গতি॥
আমাসাৰ বৰে জীওক সুধন্বা কুমৰ।
জুৰাওক শৰীৰ বাপু বিপাঙ্গে নমৰ॥
এতেক বুলিল যদি পতিব্ৰতা নাৰী।
কুমৰৰ ৰূপ তেবে চাহিতে নাপাৰি॥
মাৱ সনে তাহাৰ আগত আছে চাই।
তপত তৈলত মোৰ পুতাই মৰি যাই॥
পুত্ৰৰ সন্তাপে অতি কান্দন্ত সুন্দৰী।
হৃদয়ত মুষ্ঠি হানি আউল জাউল কৰি॥
চেতন হৰিল সবে কান্দন্তে কান্দন্তে।
মাটিত পৰিল ঢলি আসনৰ হন্তে॥
১৭৩