পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/২১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৭৪
অসমীয়া সাহিত্যৰ চানেকি

নাৰিকল আনি হংস পেলাইলেক তাত।
দেখি কোপে কম্পমান ভৈল জগন্নাথ॥
দুই চক্ষু ভৈলে কনা নেদেখে ব্ৰাহ্মণ।
অধম দ্বিজৰ আজি সুজিবোহো মান॥

বৈষ্ণৱ সুধন্বা নকৰিলে মন্দ কাজ।
কূটকৰি পেলাই যাবে কটাহৰ মাজ॥
আৰু বোলে অগ্নিমন্দ কুমন্ত্ৰৰ বলে।
প্ৰতিকাৰ সাধিবোঁ বোলন্ত যোগবলে॥

ব্যাঘ্ৰ চৰ্ম্মে বিঞ্চিয়া আছন্ত দুই ভাই।
নাৰিকল পেলাই আছন্ত তাক চাই॥
গোবিন্দ প্ৰভাৱে নাৰিকল দুই ফাল।
ঠাট কৰি ফুটিয়া কৰ্ণত দিলে তাল॥

এক ফাল পৰিলেক হংসৰ কপালে।
মূৰ্চ্ছা যাই দুই ভাই পৰিল নিটালে॥
কতো বেলি চেতন লভিয়া দ্বিজবৰ।
তেঁহো জাম্প দিল সেই মাজে কটাহৰ॥

আঙ্কোৱালি ধৰিলেক সুধন্বা কুমাৰ।
বোলন্ত সাৰ্থক হংস ধ্বজব কুমৰ॥
সাৰ্থক আমিও ভৈলোঁ তুমি বিদ্যমান।
ত্ৰৈলোক্যত হেনয় বৈষ্ণৱ নাহি আনি॥

পৰীক্ষা কৰিলোঁ আমি অগ্নিত পেলাই।
তথাপি তোমাক ৰক্ষা কৰিলে গোঁসাই॥
সুধন্বা বোলয় গুৰু মোৰ নাই কষ্ট।
নকৰিলো পাপ মই সবে ভৈল নষ্ট॥

মন্দ কৰ্ম্ম নকৰিলোঁ শাস্ত্ৰৰ যুগুত।
কৈল্যণ কৰিলে মোক দৈৱকীৰ সুত॥
ৰাজায়ে বোলন্ত মোৰ নাহি বিৰকতি।
বাপ হুয়া পুত্ৰক যে কৰিলো দুৰ্গতি॥