এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৬৪
অসমীয়া সাহিত্যৰ চানেকি
সিতে খেদি গৈয়া হনুক দেখিয়া,
প্ৰহাৰিলা নাগ বাণ।
বন্ধন নলৈলে ব্ৰহ্ম লজ্জা হন্ত,
জানি লৈলা হনুমান॥
ৰাক্ষস সকলে সাঙ্গি বান্ধি লৈয়া,
ৰাজাৰ আগে পেলাইল।
দশগ্ৰীৱে পাছে হনুক দেখিয়া,
প্ৰহস্ত মুখে পৌছাইল।
প্ৰহস্তে বোলয় শুন কপিবৰ,
কোথাহন্তে আসি ভেলি।
কাৰ দুত তই কি কাৰ্য্যে আসিলি,
কহিবি সত্যক পালি॥
হেন শুনি হনু- মন্তে বুলিলন্ত,
শ্ৰীৰামৰ দূত আমি।
জম্বুদ্বীপ হন্তে সীতা অন্বেষণে,
পঠালন্ত মোক স্বামী॥
অনন্তৰে ৰাজা বোলয় কিসত,
মাৰিলি মোৰ সৈন্যক।
হনুৱে বোলয় শত্ৰু যদি হয়,
কোনোবা কাক এড়য়॥
হেন শুনি ৰাজা ক্ৰোধ কৰি বোলে,
কাটি কৰ খণ্ড খণ্ড।
বিভীষণে বুলি লন্ত শুনা দদা,
দূতৰ নহে ই দণ্ড॥
দুৰ্ম্মুখ বীৰক আদেশ কৰিয়া,
মৰাইলে কিলৰ ঝাক।
হনুমন্তে পাছে বুলিবে লাগিলা,
ক্ৰোধ কৰি ৰাৱণক॥
শুনৰে অধম ৰাৱণ দুৰ্জ্জন,
তোহোৰ ৰঙ্গ বিস্তৰ॥