অৰ্জ্জুন পৰশে তোৰ হৈব অব্যাহতি।
ততকাল এথা থাক হৈয়া শিলা মূৰ্ত্তি॥
এহি বুলি গৈলা মুনি ক্ৰোধে শাপ দিয়া।
তথাতে ৰহিলা চণ্ডী শিলা মূৰ্তি হৈয়া॥
দৈৱ যোগে সেই পথে ৰাম যাইতে হাটি।
ঠেকিলেক বাম পাৱ শিলাৰ উকটি॥
আচম্বিতে শিলা মুৰ্ত্তি হৈলেক প্ৰসন্ন।
দেখিয়া বিস্ময় হৈল শ্ৰীৰামৰ মন॥
ক্ৰুদ্ধ হৈয়া ৰামক বুলিলা চণ্ডী ৰামা।
কামভাৱ হৈয়া কেনে পৰশিলা আমা॥
ৰামে বোলে তোমাক আমি পৰ্শ্চিলো নাজানি।
পূৰ্ব ৰূপ হৈয়া থাক শিলা হৈয়া তুমি॥
এহি বুলি বনান্তৰে গৈলা ৰঘুনাথ।
শিলাময় হৈয়া চণ্ডী ৰহিলা তথাত॥
সৌভৰি মুনিয়ে বেলে শুনহ অৰ্জ্জুন।
তোমাতে কহিলোঁ মই শিলা চণ্ডী গুণ॥
চিৰকাল শিলা হৈয়া আছে এই ৰূপে।
পৰশ কৰস চণ্ডী মুক্ত হৌক শাপে॥
মুনিৰ বচন শুনি পাৰ্থ কুন্তী সুতে।
প্ৰণাম কৰিয়া চণ্ডী পৰ্শিলা হাতে॥
মুক্ত হৈয়া উঠে চণ্ডী পাইলন্ত যৌবন।
বাৰ্তা পায়া উদ্যান আসিলা ততক্ষণ॥
অৰ্জ্জুনক বহুত কৰিলা পুৰস্কাৰ।
চণ্ডী লৈয়া গৈল মুনি ঘৰে আপোনাৰ॥
সষ্টিবৰ সুত সেনে গঙ্গা দাসে কয়।
চণ্ডী শিলা শাপ মুক্ত ষোড়শ অধ্যায়॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/১৮২
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
অসমীয়া সাহিত্যৰ চানেকি