সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/১৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩২২
অসমীয়া সাহিত্যৰ চানেকি

আগ বাঢ়ি হনুমন্তে জুৰি যোৰহাত।
লক্ষণ ভৰত বুলি নমিলন্ত মাথ॥
এক কথা কহো মই স্বৰূপত হয়।
বোলো জানো দৰ্পকৰা বায়ুৰ তনয়॥

আঁঠ গোট পৰ্ব্বতৰ বহি আছোঁ ভাৰ।
তাহাত দুস্কৰ কৰ্ম্ম কৰিবোঁ ইবাৰ॥
সবে জ্ঞাতিগণ মই কৰিবোঁ উদ্ধাৰ।
পিঠিত কৰিয়া কৰোঁ সাগৰৰ পাৰ॥

জাম্বৱন্তে বোলে শুনা বায়ুৰ কুমাৰ।
যিতো কথা কহিলা শুনিতে লাগে ভাৰ॥
পিঠিত কৰিয়া সেনা সিন্ধু কৰা পাৰ।
কেন মতে নিবা তুমি অঞ্জনা কুমাৰ॥

শুনি হনুমন্তে বোলে লক্ষণ ভৰত।
দুই ভাই চৰা মোৰ দুই খানি কন্ধত॥
পিঠি ভাগে শত্ৰুঘণ সুমিত্ৰা নন্দন।
হৃদয়ত জাম্বৱন্ত ব্ৰহ্মাৰ নন্দন॥

দক্ষিণ বাহুত সেনা পতি অঙ্গদাই।
বাম বাহু তলে নল নীল দুই ভাই॥
আনো সব ৰাজাগণ আসিয়াছে যত।
সবে মিলি ধৰিয়েক মোহোৰ লাঞ্জত॥

এক গোট লোম শাল গছ সমসৰ।
তাতে ধৰিয়োক সবে ভালুক বানৰ॥
মাৰুতিৰ বচন শুনিয়া সেনাগণ।
হাতে, কাষে, পেটে পিঠি ধৰিলা তেখন॥

যেন মহা গছত টেকোৰা লৈল বাস।
কৌতুহলে হনুমন্ত তুলিলেক হাঁস॥
লোমৰ গুৰিত কতো থাকিলেক বসি।
কান্ধে গলে বুকে পিঠি থাকিল উৰুসি॥