পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১৯৭
মহাভাৰত।

তাহাৰ মধ্যত কেহো ব্ৰাহ্মণে বেলন্ত।
মৎস্য কাটিবাক ইতো বিপ্ৰে পাৰিবন্ত॥
দেখা দুই খান বাহু ইতো ব্ৰাহ্মণৰ।
দুই গোটা শুণ্ড যেন দেখা গজেন্দ্ৰৰ॥

আমি জানো ইতো বিপ্ৰ মহা ৰূপৱন্ত
দুই গোটা কন্ধ দেখা আতি স্থূলৱন্ত॥
ধৈৰ্ষ্যে যেন দেখি আক হিমৱন্ত গিৰি।
দেখা সিংহ গোট যেন যাই দৰ্প কৰি॥

দুই খান উৰু দেখা অতি স্থূলন্তৰ।
দেখি পৰাক্ৰম যেন মৰ্ত গজেন্দ্ৰৰ॥
জগতত যত কিছু আছে কৰ্ম্ম ধৰ্ম্ম।
ব্ৰাহ্মণৰ অসাধ্য নাহিকে কোনো কৰ্ম্ম॥

জল ফুল বায়ু ভক্ষ কৰি বিপ্ৰ গণ।
দৃঢ়ব্ৰত কৰন্ত একান্ত কৰি মন॥
দুৰ্ব্বল শৰীৰ যদি দেখা ব্ৰাহ্মণৰ।
মহা বলৱন্ত সিতো বলে তপস্যাৰ॥

এহি মতে অন্যো অন্যে সিতো বিপ্ৰগণ।
অৰ্জ্জুনক চাই নানা বুলিলা বচন।
সেহি সময়ত পাচে অৰ্জ্জুন মহন্ত।
ধনুৰ সমীপ পাই ৰঙ্গে ৰহিলন্ত॥

ধনুখান দেখিয়া অৰ্জ্জুন মহামতি।
ফুৰি ফুৰি প্ৰদক্ষিণ কৰিলা সম্প্ৰতি।
ইষ্টদেৱ শঙ্কৰক নমস্কাৰ কৰি।
মনে কৃষ্ণ দেৱতাক হৃদয়ত ধৰি॥

অতি যত্ন কৰি পাচে অৰ্জ্জুন মহন্ত
ধমুখান ৰঙ্গ কৰি হাতে ধৰিলন্ত।
আতি খ্যাতিমন্ত বৰ বৰ ৰাজ্য গণ।
শাল শৈল্য কৰ্ণ আদি কৰি দুৰ্যোধন॥