বিধাতাৰ গতি জানা বিচিত্ৰ দুৰ্জ্জেয়।
তিনিয়ো ভুবনে যাৰ গতি নজানয়॥
দৈৱ গতি বালিকায়ে মোক বধিবাক।
সমৰ্থ হৈবেক কালে জানিব ইহাক॥
এহি কাৰ্য্যে বিচাৰ নকৰি জানা মই।
অবশ্যে ভোমাৰ কন্যা বধিবো নিশ্চয়॥
এহি বুলি কংস ৰাজা অতি কোপ মন।
কন্যাক বধিবে লাগি কৰিলা যতন॥
সেহি বেলা শুনিলন্ত আকাশৰ বাণী।
হে কংস কি দেষে মাৰস কন্যাখানি॥
তোৰ বৈৰ স্থিত ভৈল আন যে স্থানত।
ইতো কন্যা তোৰ বৈৰ নোহে স্বৰূপত॥
আকাশ বচন শুনি কংস মহামানী।
বসুদেৱ দেৱকীক দিলা কন্যা খানি॥
কন্যাক লভিয়া দুইৰো ৰঙ্গ ভৈল মন।
কন্যা লৈয়া দুয়ো গৈলা আপোন ভবন॥
কংস তুষ্ট হুয়া বসুদেৱ দেৱকীৰ।
নিহল গুচায়া বাক্যে কৰিলন্ত স্থিৰ॥
মৰি উপজিল কন্যা দুইৰো মনে ভৈল।
ব্ৰাহ্মণক লাগি বহু ধন ৰত্ন দিল॥
সেহি কন্যা কৃষ্ণৰ ভগিনী ভৈল আৰ।
পাৰ্ব্বতীৰ এক অংশে জন্মিল সুসাৰ॥
ৰুক্মিনীৰ বিবাহৰ যাত্ৰাৰ কালত।
বসুদেৱে সেহি কন্যা দিলন্ত পাচত॥
শঙ্কৰৰ অংশ দুৰ্ব্বাসাত ভক্তি কৰি।
পাৰ্ব্বতীৰ অংশ কন্যা দিলন্ত সাদৰি॥
অনেক যৌতুক সমে বসুদেৱ সন্ত।
দুৰ্ব্বাসাত ভক্তি ভাৱে বিবাহ দিলন্ত॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/৩২২
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৭৮
অসমীয়া সাহিত্যৰ চানেকি