নচলয় হাত পাৱ জড় ৰূপী ভৈলা।
বায়ু পূৰ্ণ গৰ্ভে হৰি বাস নকৰিলা॥
হৃদি পদ্ম মধ্যে দেবকীৰ অধিষ্ঠান।
তাহাত কৰিলা বাস দেব ভগৱান॥
বিশ্বম্ভব উদৰত ধৰি দেবী সতী।
মন্দিৰৰ অভ্যন্তৰে প্ৰকাশ কৰন্তী॥
জড়ৰূপ ভৈলা দুখ সহিয়া থাকয়।
ক্ষণে উঠে ক্ষণে বসে ক্ষণো স্থিতি হয়॥
এক পাদে গতি কৰি ক্ষণোহো চলয়।
ক্ষণে বেলা পৃধিবীত শুতিয়া থাকয়॥
বসুদেৱে দেবকীৰ দেখি দুঃখ চয়।
প্ৰসূতি সময় মনে কৰিলা নিশ্চয়॥
প্ৰসূতি সময় জানি হৰিক স্মৰিলা।
ৰত্নৰ প্ৰদীপ গণ গৃহত লগাইলা॥
মন্ত্ৰ তন্ত্ৰ জ্ঞানী বৈদ্য গণক আনিল।
লৌহ খড়গ জল অগ্নি গৃহত থাপিলা॥
পণ্ডিত ব্ৰাহ্মণ আনি বসুদেৱ সন্ত।
বন্ধু পত্নী গণকো গৃহত থাপিলন্ত॥
আত অনন্তৰে শুনিয়োক মুনিবৰ।
এহি মতে গেল যেবে ৰাত্ৰিৰ প্ৰহৰ॥
সেহি বেলা ব্যাপিলেক সমস্ত আকাশ।
মেঘে সমে বিদ্যুতিকা কৰয় প্ৰকাশ॥
আঠ বায়ু বহিলেক মেঘৰ লগত।
সেহি বেলা নিদ্ৰা গৈল ৰক্ষক সমস্ত॥
শয্যাত শুতিয়া ৰৈল মৃতক সমান।
ৰক্ষক সবৰ নাহিকয় শ্ৰুতি জ্ঞান।
স্তুতি কৰিবাক লাগি ত্ৰিদশ ঈশ্বৰ।
আত অনন্তৰে আইলা জানা মুনিবৰ॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/৩১২
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৬৮
অসমীয়া সাহিত্যৰ চানেকি