সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১৬৯
গীত গোবিন্দ।

মৃগমদ গন্ধসম গন্ধত কুশল।
তমালে মেলয় হেন বহু নৰদল
কাম মহাবীৰে যুবাজন হৃদয়ত।
যিতো নখে বিদাৰণ কৰয় সতত॥

হেন নখ সম পলাশৰ পুষ্পগণ।
বসন্তত কৰে সদা আমোদিত মন।
কাম নৃপতিৰ স্বৰ্ণ দগু ছত্ৰ তুল।
ফুলিছে বহুত তাত নাগেশ্বৰ ফুল॥

পাৰলি পুষ্পত পড়ি থাকে মধুকৰ।
কুন্দৰ্পৰ টোন যেন দেখি মনোহৰ।
বসন্তত জগতৰ লজ্জা নাহিকয়।
দেখি তাক পুষ্প ছলে কৰোঁহা হাসয়॥

বিৰহী জনৰ চেদলৰ প্ৰয়োজনে।
কুণ্ড অস্ত্ৰ মুখ সম কেতকী শোভনে॥
ব্যাপিল সকলে দিশ গন্ধে আমোদিত।
গুঞ্জৰে ভ্ৰমৰে মধুলোভে বিমোহিত॥

মাধবী মল্লিকা জাতি আদি যত ফুল।
সিসবৰ গন্ধে কৰে দিশক আকুল।
মুনিৰো মনক যিতো মোহে গুণগণে।
তৰুৰৰ স্বভাৱতে মিত্ৰ বোলে জানে॥

মনোহৰ মাধবী লতাৰ আলিঙ্গনে।
কলিকা মেলিছে আম্ৰ গাছে ৰঙ্গ মনে।
স্ত্ৰীৰ সনে যেন ৰোমাঞ্চিতৰ শৰীৰ।
যুবতী মাধবী লতা আম্ৰ গছনিৰ॥

স্ত্ৰীৰ আলিঙ্গনে যুবা পুৰুষৰ দেহ।
ৰোমাঞ্চিত হোৱে আত নাহিকে সন্দেহ।
বৃন্দাবন নামে বন আছে বিতোপন।
ক্ৰীড়ন্ত তাহাত হৰি কৰি ৰঙ্গ মন॥