সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/৩১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ।

বাৰিষা যমুনা নদী ঢৌ বিপৰীত।
ভাসে ফেন ফোটাকাৰে লাগে অতি ভীত॥
যমুনা দেখিয়া পাছে কৃষ্ণৰ বচন।
পৰম বিস্ময়ে সতী নমিয়া চৰণ॥

জলচয় অন্তৰাই মাঝে পথ দিল।
বসুদেৱে তাতো ভয়ে যাইবে নপাৰিল॥
হেন দেখি কৃষ্ণে তাত মায়াক কৰিলা।
সুন্দৰ জম্বকী এক তথাতে স্ৰজিলা॥

সেহি পথে জম্বকীয়ে পদ গতি কৰি।
যমুনা চড়াই গৈল দেখিলন্ত শৌৰি॥
কোলাত কৃষ্ণক লৈয়া বসুদেৱ সন্ত।
ভয়হীন হুয়া সেহি পথে চলিলন্ত॥

যমুনাৰ মধ্য যেবে বসুদেৱে পাইল।
কোলা হন্তে শিশু সেহি জলত পড়িল॥
কংস ভয়ে পূৰ্ব্বে গৃহে স্নান নকৰাইল।
এতেকে যমুনা জলে আপুনি স্নানিল॥

মহাভয়ে শোক কৰি বসুদেৱ সন্ত।
বিচাৰি বিচাৰি পুনু পুত্ৰক পাইলন্ত॥
যমুনা চেড়াই পাছে বসুদেৱ সন্ত।
ক্ষণেকতে গোকুল নগৰ পশিলন্ত॥

নন্দ আদি কৰি যত গোপ গোপীগণ।
সূতিকা গৃহত সবে ভৈল অচেতন॥
মায়াৰ প্ৰভাবে সবে মৃতক আকাৰ।
সেহি বেলা মুক্ত ভৈলা সমস্তে দুৱাৰ॥

সূতি গৃহ পশিলন্ত বসুদেৱ সন্ত।
নিদ্ৰান্বিতা যশোদাক তাত দেখিলন্ত॥
যশোদা সমীপে আছে কন্যা মনোৰমা।
মুখে অল্প হাসি তপ্ত কাঞ্চন উপমা॥