বৰ স্নেহে শৰগণ শিখাইলোহো তোক।
হেন পৰাভৱ আজি ভীষ্ম দিলি মোক॥
শিষ্য বুলি দেৱব্ৰত কৰোঁহো মমত।
দেখোঁ কোনে ৰাখে আজি মোহোৰ হাতত॥
এহি বুলি প্ৰহাৰ কৰিলা এক বাণ।
এক প্ৰহৰৰ পথ নিলা ৰথখান॥
ময়ো প্ৰহাৰিলোঁ শৰ ৰামৰ ৰথক।
উৰুৱাই নিলোঁ কতো দূৰ আকাশক॥
পাছে দুয়োখন ৰথ ভৈলা একে ঠাই।
কতোক্ষণে ধনু ধৰি আছিলোঁহো চাই॥
অনন্তৰে দুয়ো আনি টানি ঘোৰ ধনু।
ক্ষত বিক্ষত ভৈলা শৰে দুইয়ো তনু॥
যেন গেৰু ধাৰা যে বহয় পৰ্ব্বতৰ।
সেহি মতে শোণিত বহয় দুৰন্তৰ॥
দুই খান ধনু দেখি মণ্ডল আকাৰ।
বাসৱৰ ফুটে যেন শৰৰ প্ৰহাৰ॥
আকাশত থাকি দেৱে কৰে কণাকণি।
হেন বিপৰীত যুদ্ধ নতু দেখি শুনি॥
বিকৱচ ভৈলা দুইৰো তনু শৰ অঙ্গে।
কল্প এৰি যুজে যেন দুই গোটা মাতঙ্গে॥
যৈসানি ভৈলেক যুদ্ধ ৰাম ৰাৱণৰ।
ততোধিক যুদ্ধ দেখোঁ আজি দুইহান্তৰ॥
যেন যুদ্ধ ভৈলা পূৰ্ব্বে বলি বাসৱৰ।
সেহি মত যুদ্ধ ভৈলা গুৰুৰ শিষ্যৰ॥
কিনো অদভুত ভৈলা অম্বাৰ কাৰণে।
দুয়ে জনে যুদ্ধ কৰে মাৰিবাক মনে॥
দুয়ো বলৱন্ত দুয়ো সমৰে প্ৰচণ্ড।
দুইৰো দুই শৰঘাৱে ভৈলা লণ্ডভণ্ড॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/২৩৪
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৯০
অসমীয়া সাহিত্যৰ চানেকি।