পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/১৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩০১
হৰিবংশ।

সখী আগ বাঢ়ি গৈলা ৰাধা যাই শেষে।
থাপ দিয়া কানু ধৰে ৰাধিকাৰ কেশে॥
এৰ এৰ বুলি ৰাধ কৰে নিবাৰণ।
কেনে অযুগুত কৰে নন্দেৰ নন্দন॥

সত্যৱতী সুত ব্যাস নাৰায়ণ অংশ।
সংক্ষেপে ৰচিলা পুণ্যশ্লোক হৰি বংশ॥
শুনা সভাসদ পদ মহাভাৰতৰ।
শ্ৰবণে কীৰ্ত্তনে হৰে পাপ নিৰন্তৰ॥

 

পুনু জন্মেজয় ৰাজা পুছে যোৰ হাতে।
ৰাধা কানু পাছে লগ লাগিলা কিমতে॥
সবে সমাচাৰ মোত কহা মুনি বৰ।
তোমাৰ প্ৰসাদে কথা শুনো মনোহৰ॥

কহিবে লাগিলা কৌতুহলে মহামুনি।
বসন্ত কালত যেন কোকিলৰ ধ্বনি॥
নিজ গৃহ পায়া পাছে ৰাধিকা সুন্দৰী।
কলসী খসায়া থৈয়া আছে চিন্তা কৰি॥

উঠে বসে ঘনে ঘনে হুয়াতি বিকল।
গৃহ কাৰ্য্যে চিত্ত নাই উন্মত্ত কেৱল॥
কানুৰ বিৰহ তাপ সহিতে নপাৰি।
কিসক জলক গৈলোঁ মই দুৰাচাৰী॥

কামে জৰ্জ্জৰিত তনু ভৈলা তদাকাৰ।
কানু বিনে সৰ্ব্ব শূন্য ভৈলেক ৰাধাৰ॥
শাশু ননন্দিনী স্বামী বুলিলা বিস্তৰ।
শুনিয়া যুৱতী কিছু নিদিলা উত্তৰ॥

যদুসেন গোপৰ গৃহিনী মহাজ্ঞানী।
লোক মুখে শুনি আইলা ইসব কাহিনী॥
প্ৰেমত বিহুলী ৰাধা বৰ দুঃখ শুনি।
ৰাধাৰ মন্দিৰে গৈলা সেহি মনে গুণি॥