পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p4.pdf/৩০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বলোৰাম দ্বিজ।

ব্ৰহ্মবৈবৰ্ত্ত পুৰাণ।

(কৃষ্ণজন্ম খণ্ড)

জয় জয় কৃষ্ণ দেৱ জগত কাৰণ।
ৰাধিকা সহিতে নমো ব্ৰহ্ম সনাতন॥
দেহৰূপা বাধা দেৱী আত্মা কৃষ্ণ দেৱ।
একব্ৰহ্মে দুই জন আন নাহি কেৱ॥

হেন ৰাধা কৃষ্ণ পদে কৰোহো প্ৰণতি।
নৰ নাৰায়ণ নমো নমো সৰস্বতী।
গুৰুৰূপ কৃষ্ণ দেৱ আত্মা নাৰায়ণ।
চৰণে প্ৰণাম কৰো ভৱ বিমোচন॥

সংসাৰত আছে যত লোক চৰাচৰ।
সবকে ব্যাপিয়া আছে আত্ম নিৰন্তৰ॥
শ্ৰীকৃষ্ণ দেৱতা নাম বাচক হোৱয়।
বাচ্য বাচকৰ স্থিতি বৈষ্ণৱত হয়॥

দ্বন্দ্ব শূন্য সমৰাদি যাত নাহিকয়।
বৈকুণ্ঠ গোলোক মুকুতিক নবাঞ্চয়॥
হেনয় বৈষ্ণব বিষ্ণু নাহিকে অন্তৰ।
তাহান চৰণে মই নমো নিৰন্তৰ॥

সমুদ্ৰ সদৃশ শাস্ত্ৰ ব্ৰহ্মবৈবৰ্ত্তৰ।
শ্ৰীকৃষ্ণ জনম খণ্ড অতি স্বাদুকৰ॥
হৃদি স্থিতি হুয়া মোক দেৱ হৃষীকেশ।
সৰস্বতী দেৱী সমে দিয়া উপদেশ॥